অসম

assam

ETV Bharat / state

হোজাইৰ বজাৰত গুণ্ডাগিৰি: ব্যৱসায়ীক প্ৰাণে মৰাৰ ভাবুকি - ব্যৱসায়ীক ভাবুকি বজাৰ কমিটিৰ

হোজাইৰ ন-খুটী শনি বজাৰত উত্তেজনা ৷ ব্যৱসায়ীক ভাবুকি বজাৰ কমিটিৰ ৷

হোজাইৰ ন-খুটী শনিবজাৰত ব্যাপক গুণ্ডাগিৰি:ব্যৱসায়ীক ভাবুকি বজাৰ কমিটিৰ

By

Published : Sep 8, 2019, 12:11 PM IST

হোজাই, 8 ছেপ্তেম্বৰ: হোজাই চহৰৰ ন-খুটী বজাৰত খুচৰী ব্যৱসায়ীৰ ওপৰত বজাৰ কমিটিয়ে ৷ প্ৰতিদিনে 400 টকাকৈ বজাৰ মাচুল নিদিলে দোকান বন্ধ কৰি ব্যৱসায়ীক প্ৰাণে মৰা ভাবুকি দিলে শনিবজাৰ বজাৰ সমিতি তথা বজাৰৰ মহলদাৰ মতিবুৰ ৰহমানে ৷ মহলদাৰ তথা বজাৰ সমিতিয়ে বজাৰখনৰ খুচুৰা ব্ৰইলাৰ ব্যৱসায়ীৰ ওপৰত একনায়কত্ববাদ চলাইছে বুলিও অভিযোগ উত্থাপন হৈছে ৷ ঘটনা অনুসৰি বহুকেইজন মাংস ব্যৱসায়ীয়ে আন ব্যৱসায়ীৰ পৰা গোটাকে ব্ৰইলাৰ কিনি আনি বজাৰত কাটি মাংস বিক্ৰী কৰি আহিছিল৷ অভিযোগ অনুসৰি, কিছু দিন পূৰ্বে শনি বজাৰ সমিতি আৰু বজাৰ মহলাদাৰে উক্ত খুচুৰা ব্ৰইলাৰ মাংসৰ ব্যৱসায়ী কেইজনৰ পৰা দৈনিক 20 ৰ পৰা 30 টকা বজাৰ মাচুলৰ সলনি প্ৰতিদিনে 400 টকাকৈ বজাৰ মাচুল দাবী কৰে৷ দাবী কৰা মাচুল নিদিলে ব্যৱসায়ীসকলৰ দোকান ভাঙি দিয়াৰ ওপৰিও প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে ৷ এইদৰে ব্যাপক হাৰত গুণ্ডা টেক্স জাপি দিয়াৰ কাৰ্যৰ বিৰোধীতাৰে এক এজাহাৰ দাখিল কৰিছে ব্যৱসায়ী সকলে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷

হোজাইৰ বজাৰত ব্যাপক গুণ্ডাগিৰি: ব্যৱসায়ীক প্ৰাণে মৰাৰ ভাবকি

ABOUT THE AUTHOR

...view details