হোজাই, 10 জুলাই :দেওবাৰে সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশ্বজুৰি পালন কৰা হৈছে ঈদ-উল-আজহা (Eid al-Adha)৷ ইছলাম ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱৰ অন্যতম হ’ল ঈদ-উল-আজহা । সমান্তৰালকৈ ক'ভিড পৰিস্থিতি কিছু পৰামাণে সুস্থ হোৱাৰ পিচত সমগ্ৰ ৰাজ্যতে দেখা গ'ল ঈদৰ আনন্দ । ৰাজ্যৰ ঈদগাহ সমূহতো ঈদ-উল-আজহাৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয় ।
ইফালে, পৱিত্ৰ ঈদ-উল-আজহা উপলক্ষে হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে এক বাৰ্তাৰ জৰিয়তে ৰাজ্যবাসীলৈ জনালে ঈদৰ শুভেচ্ছা(Hojai Sahitya Sabha secretary gives greetings of Eid) ৷
উল্লেখ্য যে, ৰাজ্যজুৰি শেহতীয়াকৈ হোৱা বানে কিছু অঞ্চলত সমস্যাৰ সৃষ্টি কৰিলেও স্তিমিত হোৱা নাই ঈদৰ উচ্চাহ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ, দৰগাহ, ঈদ ময়দান আদি ঈদৰ বাবে সজাই-পৰাই তোলা হৈছে । পুৱা নিৰ্ধাৰিত সময়ত ঈদৰ সমূহীয়া নামাজো অনুষ্ঠিত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত । বিশ্ব শান্তি আৰু একতাৰ বাবে আল্লাৰ ওচৰত প্ৰাৰ্থনা জনায় ৰাইজে ।