হোজাই,2 নৱেম্বৰ: হোজাই জিলাৰ লংকা বামুনগাঁৱত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২০ ফুট তলত বাগৰি পৰিল B-RV বাহন ৷ গুৱাহাটীৰ পৰা লামডিং অভিমুখে গৈ থকা AS-02Y-0929বাহন খন নিশা প্ৰায় ১০ মান বজাত বামুনগাঁৱৰ সমীপত দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাত বাহনখনত থকা তিনি জনকৈ লোক গুৰুতৰ ভাৱে আহত হয় ।
হোজাই জিলাৰ লংকা বামুনগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা - লংকা বামুনগাঁৱ
লংকা বামুনগাঁৱত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ২০ ফুট তলত বাগৰি পৰিল B-RV বাহন ৷ আহত তিনিজন ৷
![হোজাই জিলাৰ লংকা বামুনগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা HOJAI ROAD ACCIDENT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9395918-489-9395918-1604279593284.jpg)
হোজাই জিলাৰ লংকা বামুনগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
ইয়াৰে দুজনৰ অৱস্থা সংকটজনক ৷ উদালী আৰক্ষী আৰু স্থানীয় ৰাইজে আহত লোক কেইজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হোজাই হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও এজনৰ অৱস্থা অধিক অৱনতি ঘটাত তেওঁক জিএমচি এইছ লৈ প্ৰেৰণ কৰে ৷ তীব্ৰবেগী বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ।
লগতে পঢ়ক:বঢ়মপুৰত পঞ্চদশ তম্ কেন্দ্ৰীয় ৰাস মহোৎসৱ