হোজাই, ৩০ছেপ্টেম্বৰ : হোজাইৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষ । মঙলবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । গতিবেগ হোৱাৰ বাবে দুৰ্ঘটনাত পতিত হয় বিপৰীত দিশৰ পৰা অহা ট্ৰাক দুখন । দুৰ্ঘটনাত আহত হয় দুয়োখন ট্ৰাকৰ চালকদ্বয় । স্থানীয় ৰাইজে চালক দুজনক উদ্ধাৰ কৰি লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰে । ভয়াৱহ দুৰ্ঘটনাত ট্ৰাক দুখনৰ সমুখৰ ভাগ এখন আনখন ট্ৰাকৰ সমুখৰ অংশত সোমাই পৰে ।
বহু সময় চেষ্টা কৰাৰ পিছতহে স্থানীয় ৰাইজে আহত চালক দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে খবৰ দিয়াৰ পিছতো লংকা আৰক্ষী আৰু এম্বুলেঞ্চ ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাত ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ । পিছত লংকা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক দুখন থানালৈ লৈ যোৱাৰ ব্যৱস্থা কৰে ।