হোজাইত যৌন নিৰ্যাতনৰ বলি 14 বছৰীয়া কিশোৰী - assam news
ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বিচাৰ কৰি দিম বুলি আশা দিছিল যদিও বৰ্তমান পৰ্যন্ত ন্যায় নাপালে ভুক্তভোগী কিশোৰী গৰাকীয়ে ৷ যাৰ বাবে শনিবাৰে কাকী আৰক্ষী থানত অভিযুক্ত একালু ৰবিদাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে কিশেৰী গৰাকীৰ পৰিয়ালে

হোজাই, 27 হোজাই : হোজাই জিলাৰ কাকীত যৌন নিৰ্যাতনৰ ঘটনা | ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী 14 বছৰীয়া কিশোৰীক বলৎকাৰ কৰে এজন লোকে ৷ উল্লেখ্য যে, কাকী আৰক্ষী থানাৰ অন্তৰ্গত দুইহেজাৰ বিঘাত 15 দিন পূৰ্বে ভুক্তভোগী কিশোৰীগৰাকীৰ দেউতাকৰ বন্ধু একালু ৰবিদাস নামৰ ব্যক্তিজনে বলৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বিচাৰ কৰি দিম বুলি আশা দিছিল যদিও বৰ্তমানেও ন্যায় নাপালে ভুক্তভোগী কিশোৰীগৰাকীয়ে ৷ যাৰ বাবে শনিবাৰে কাকী আৰক্ষী থানত অভিযুক্ত একালু ৰবিদাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে কিশেৰীগৰাকীৰ পৰিয়ালে ৷ গোচৰৰ ভিত্তিতে কাকী আৰক্ষীয়ে একালু ৰবিদাসক আটক কৰি কাকী আৰক্ষী থানলৈ লৈ আহে ৷