অসম

assam

ETV Bharat / state

হোজাই ৰেল ষ্টেচনত আৰক্ষীৰ তালাচী

ৰেল সুৰক্ষা বাহিনী আৰু জি.আৰ.পিয়ে যুটীয়া ভাৱে হোজাই ৰেল ষ্টেচনত চলালে অভিযান ৷ সমাগত স্বাধীনতা দিৱসত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰে তালাচী ৷

By

Published : Aug 12, 2019, 12:56 PM IST

হোজাই ৰেল ষ্টেচনত আৰক্ষীয়ে চলায় তালাচী

হোজাই,12আগষ্ট : সমাগত স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম হৈছে আৰক্ষী প্ৰশাসন ৷ কূটাঘাটকাৰীয়ে যাতে কোনো ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী ৷ দেওবাৰে নিশা হোজাই ৰেল ষ্টেচনত ৰেল সুৰক্ষা বাহিনী আৰু জি.আৰ.পিয়ে যুটীয়া ভাৱে চলায় অভিযান ৷ ৰেল ষ্টেচনত নিৰাপত্তাৰ দিশটো কটকটিয়া কৰি তোলাৰ লগতে ৰেলৰ আলি, প্লেটফৰ্ম ,সন্দেহজনক যাত্ৰী, যাত্ৰীৰ লগত অনা মোনা,গাড়ী, বাইক ৰখোৱা আস্থান সমূহকে আদি কৰি তন্ন-তন্নকৈ নিৰিক্ষণ কৰে ৷

হোজাই ৰেল ষ্টেচনত আৰক্ষীয়ে চলায় তালাচী


ৰেল আৰক্ষীৰ গোপন খবৰ, নিষিদ্ধ সংগঠনৰ লোকে অসমত প্ৰবেশ কৰা আৰু দুই মাহ পূৰ্বে হোজাই জিলাৰ মূল ষ্টেচন হোজাই আৰু লামডিং ৰেল ষ্টেচনত কূটাঘাটকাৰীৰ কূটাঘাটৰ পৰিকল্পনা, তাৰ ওপৰত গুৰুত্ব দিও নিৰাপত্তা দিশটো আৰু অধিক কটকটীয়া কৰা হৈছে বুলি ৰেল আৰক্ষীয়ে জানিব দিয়ে ৷

ABOUT THE AUTHOR

...view details