অসম

assam

ETV Bharat / state

পদুমপুখুৰী ডাকঘৰত নুৰিল ৰাষ্ট্ৰীয় পতাকা - 75th Independence Day

সমগ্ৰ দেশতে দেওবাৰে উলহ-মালহেৰে পালন কৰা হ'ল স্বাধীনতা দিৱস । কিন্তু হোজাইৰ চিকাৰীগেটস্থিত পদুমপুখুৰী ডাকঘৰত নিমাওমাও পৰিৱেশ । স্বাধীনতা দিৱসতো ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰিলে ডাকঘৰটোৰ দায়িত্বত থকা বিষয়াই ।

Hojai Post master did not hosted flag on Independence Day
স্বাধীনতা দিৱসতো ৰাষ্ট্ৰীয় পতাকা নুৰিল পদুমপুখুৰী ডাকঘৰত

By

Published : Aug 16, 2021, 12:04 PM IST

হোজাই, ১৬ আগষ্ট: দেওবাৰে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আদিত ৰাষ্টীয় পতাকা উত্তোলন কৰি এই বিশেষ দিনটো পালন কৰা হয় । কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত পৰিৱেশ দেখা পোৱা গ'ল হোজাইৰ চিকাৰীগেটস্থিত পদুমপুখুৰী শাখাৰ ডাকঘৰত । স্বাধীনতা দিৱস উপলক্ষে বিশেষ অনুষ্ঠান আয়োজন কৰাতো দূৰৰে কথা, ৰাষ্ট্ৰীয় পতাকাখনো উত্তোলন নকৰিলে ডাকঘৰটোৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে ।

ভাৰতৰ বাবে অতি আনন্দৰ দিনটোতো ডাকঘৰত নিমাওমাও পৰিৱেশ বিৰাজ কৰে । ডাকঘৰৰ বিষয়াগৰাকীয়ে স্বাধীনতা দিৱস উদযাপন নকৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিষয়াগৰাকীয়ে এনে কাৰ্যৰ জৰিয়তে গণতান্ত্ৰিক ব্যৱস্থাক অপমান কৰাৰ লগতে চৰকাৰী নীতিৰো উলংঘন কৰিছে । স্থানীয় ৰাইজে তেওঁ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

পদুমপুখুৰী ডাকঘৰত নুৰিল ৰাষ্ট্ৰীয় পতাকা

তেওঁলোকৰ মতে, প্ৰকৃত ভাৰতীয় নাগৰিকে যিকোনো পৰিস্থিতিত স্বাধীনতা দিৱসৰ দিনা চৰকাৰী কাৰ্যালয়ত পতাকা উত্তোলন নকৰাকৈ নাথাকে ।

ব্ৰিটিছৰ শাসনৰ পৰা মুক্তি লাভ কৰা দিনটোত স্বদেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি বিশেষ দিনটো আনন্দেৰে পালন কৰাতো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ কথা । তেনেস্থলত, পদুমপুখুৰী শাখাৰ ডাকঘৰৰ বিষয়াগৰাকীয়ে সংঘটিত কৰা দায়িত্বহীন কাণ্ডই স্বাভাৱিকতে ক্ষোভিত কৰিছে সকলোকে । এতিয়া পদুমপুখুৰী শাখাৰ এই বিষয়াগৰাকীৰ বিৰুদ্ধে বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । জানিব পৰা মতে, এগৰাকী মহিলা বিষয়াই ডাকঘৰটোৰ কাম-কাজ চলাই আছে ।

লগতে পঢ়ক:বৰমা মহাবিদ্যালয়লৈ গ্ৰীণ চেম্পিয়ন বঁটা

ABOUT THE AUTHOR

...view details