অসম

assam

ETV Bharat / state

"ওপৰৱালাকো দিব লাগে", চাওক আৰক্ষীয়ে কেনেকৈ কৰে ধনদাবী ! - ভাইৰেল ভিডিঅ'

জিলাখনৰ উদালী আৰক্ষী পহৰা চকীৰ এজন কনিষ্টবলে কৰ্তব্যৰত অৱস্থাতে পাৰপত্ৰ ভেৰিফিকেচনৰ নামত ধন দাবী কৰা এটা ভিডিঅ ম'বাইলৰ কেমেৰাত বন্দী হোৱাৰ পাছতে ভাইৰেল হৈ পৰে ভাইৰেল ভিডিঅ' ৷

ভাইৰেল আৰক্ষীৰ ধনদাবীৰ ভিডিঅ

By

Published : Sep 27, 2019, 11:50 PM IST


হোজাই , 27 চেপ্তেম্বৰঃ অসম আৰক্ষীৰ এটাৰ পাছত আন এটা নিৰ্লজ্জ কাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছত শেহতীয়াকৈ হোজাই আৰক্ষীৰ ধন সংগ্ৰহৰ এটি ভিডিঅ' সামাজিক মাধ্যম ফেচবুকত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে ৷ জিলাখনৰ উদালী আৰক্ষী পহৰা চকীৰ এজন কনিষ্টবলে কৰ্তব্যৰত অৱস্থাতে পাৰপত্ৰ ভেৰিফিকেচনৰ নামত ধন দাবী কৰা এটা ভিডিঅ ম'বাইলৰ কেমেৰাত বন্দী হোৱাৰ পাছতে ভাইৰেল হৈ পৰে ভিডিঅ'টো ৷ ভিডিঅ'টোত কনিষ্টবলজনে কোৱা "ওপৰৱালাকো দিব লাগে"আৰু''পাৰপত্ৰৰ বাবে ধনৰ এক নিৰ্দিষ্ট ৰেট বান্ধি থোৱা আছে'' বুলি দিয়া দুটা ভাষ্যই সম্প্ৰতি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এই ঘটনাৰ পাছতে সচেতন মহলৰ পৰা বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে কি কৰিছে মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগে, ক'ত ৰাজ্যৰ আইন-শৃংখলা !

ভাইৰেল আৰক্ষীৰ ধনদাবীৰ ভিডিঅ'

ABOUT THE AUTHOR

...view details