লংকা,10 ছেপ্তেম্বৰ: বুধবাৰে নিশা হোজাই জিলাৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লংকা চহৰলৈ সোমোৱা প্ৰতিখন সৰু-বৰ যান-বাহনত চলিল আৰক্ষীৰ অভিযান ৷ চলিল প্ৰতিজন যাত্ৰীয়ে মাস্ক আৰু হেলমেট পৰিধানক লৈ তন্ন তন্নকৈ পৰীক্ষা ৷ ভয়াৱহ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ আৰু দূৰ্ঘটনা প্ৰতিৰোধৰ উদ্দেশ্যে আৰক্ষীৰ এই পদক্ষেপ ৷ লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত চলা এই অভিযানৰ সময়চোৱাত কৰ'ণাৰ নীতি-নিয়ম নমনা তথা আইন উলংঘন কৰা লোক সকলক জৰিমণা বিহাৰ লগতে সচেতনতা বৃদ্ধিৰ বাবে চলালে প্ৰচাৰ । ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে দৈনিক অব্যাহত থাকিব এই অভিযান ৷
কিহৰ বাবে লংকাৰ ৰাজপথত আৰক্ষীৰ এই তৎপৰতা ! - লংকা আৰক্ষী থানা
হোজাই জিলাৰ লংকা আৰক্ষীৰ মাজত বিশেষ তৎপৰতা । ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰে লংকা চহৰলৈ সোমোৱা পথচোৱাত লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলৰ অভিযান ৷ প্ৰতিখন সৰু-বৰ বাহনত চলিল এই অভিযান ৷
লংকাৰ ৰাজপথত আৰক্ষীৰ এই তৎপৰতা