হোজাই,17 ফেব্ৰুৱাৰী: হোজাইত আৰক্ষীৰ দ্বাৰা জব্দ বহু নিচাযুক্ত সামগ্ৰী ৷ দেওবাৰে হোজাই জিলাত চলি থকা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ বিৰুদ্ধে সফল অভিযান চলাই হোজাই আৰক্ষীয়ে । আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি যোগীজান পথত তালাচী অভিযান চলাই এখন অটৰে গৈ থকা অৱস্থাত বৃহৎ সংখ্যক নিচাজাতীয় টেবলেট কেপচুল সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই ব্যৱসায়ীক । ধৃত ব্যৱসায়ী দুটা লামডিং নিউ কলনীৰ বাপ্পা দে আৰু বাবুল দে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে ।
হোজাইত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী - হোজাইত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী
হোজাইত আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে অভিযান চলাই দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ পৰা নিচাযুক্ত সামগ্ৰী ৷
হোজাইত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী
ইতিমধ্যে ধৃত ব্যৱসায়ী দুজনৰ জিম্মাৰ পৰা ২৮৪৭০ টা কেপচুল আৰু ১২০০ টা টেবলেট জব্দ কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে জানিবলৈ দিয়ে, বেংগলৰ দিপু নামৰ এজন যুৱকে চাপৰমুখ ষ্টেছনত টেবলেট আৰু কেপচুল বোৰ ধৃত ব্যক্তিদ্বয়ক দিয়াৰ পিছত দুয়োজনে হোজাইৰ তপন নামৰ আন এটা ড্ৰাগছ ব্যৱসায়ীক যোগান ধৰিবলৈ আনিছিল বুলি স্বীকাৰোক্তি দিয়ে । বৰ্তমান আৰক্ষীয়ে বাকী কেইজনকো গ্ৰেপ্তাৰ কৰিবলৈ আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়ক:উছেইন বল্টৰ অভিলেখ ভংগ কৰা কৰ্ণাটকৰ শ্ৰীনিবাস গৌড়া