হোজাই, 10 মে' : লক্ ডাউনৰ মাজতে হোজাই জিলাৰ মোৰাঝাৰৰ ৰহমতনগৰত উদ্ধাৰ এগৰাকী 62 বছৰীয়া অসহায় মহিলা ৷ গাওঁৰক্ষী বাহিনী আৰু মোৰাঝাৰ আৰক্ষীৰ সহযোগত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে উদ্ধাৰ কৰে মহিলাগৰাকীক ৷ উদ্ধাৰ কৰা মহিলা গৰাকীয়ে নিজকে গোৱালপাৰা জিলাৰ সোনাৰী থানাৰ অন্তৰ্গত জাবেদ আলী শ্বেখৰ পত্নী চিমৰ্থ বানু বুলি পৰিচয় দিছে ৷
হোজাইত উদ্ধাৰ গোৱালপাৰাৰ অসহায় বৃদ্ধা - মোৰাঝাৰ আৰক্ষী
হোজাই জিলাত দেওঁবাৰে উদ্ধাক কৰা হয় এগৰাকী 62 বছৰীয়া অসহায় মহিলা ৷ মহিলা গৰাকীয়ে নিজকে গোৱালপাৰা জিলাৰ বাসিন্দা বুলি পৰিচয় দিছে ৷ বৰ্তমান মহিলা গৰাকীক ডবকাৰ এখন আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে ৷

হোজাইত উদ্ধাৰ গোৱালপাৰাৰ বৃদ্ধা মহিলা
হোজাইত উদ্ধাৰ গোৱালপাৰাৰ বৃদ্ধা মহিলা
দেওঁবাৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ আহ্বানত মোৰাঝাৰ আৰক্ষী আৰু পেনেল অধিবক্তা ৰোহিনা ৱাৰিছে মহিলাগৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত ডবকাৰ এখন আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক : দুই শিক্ষকৰ প্ৰচেষ্টাত লক্ ডাউনৰ মাজতে অব্যাহত আছে পাঠদান