হোজাই, 11 জুন : চুবুৰীয়া ৰাজ্য পশ্চিমবংগত (West Bengal) হোজাই আৰক্ষীয়ে ৰূপায়ণ কৰিলে এক সফল অভিযান । অপহৃত কিশোৰীৰ সন্ধানত পাঁচদিনে কলকাতাত বাঁহৰ পাতি আৰক্ষীয়ে লাভ কৰিলে সফলতা । মুৰ্চিদাবাদ জিলাৰ জানপুৰ গাঁৱত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অপহৰণকাৰীক ।
আৰক্ষীৰ এই অভিযানত উদ্ধাৰ কৰা হ’ল অপহৃত কিশোৰী গৰাকী । ধৃত অপহৰণকাৰীটোৰ নাম ইলিয়াছ শ্বেখ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, হোজাইৰ এফচিআই ৰোড(FCI Road)ত ভাৰতীয়া হিচাপে থাকি ধৃত ইলিয়াছ শ্বেখে হোজাইত চুলিৰ ব্যৱসায় কৰিছিল । ঘৰে ঘৰে গৈ চুলি ক্ৰয় কৰি আনি ইলিয়াছ শ্বেখে চলাই গৈছিল এই বেহা ।
পশ্চিমবংগৰ পৰা অপহৃত কিশোৰী সহ অপহৰণকাৰীক উদ্ধাৰ কৰিলে হোজাই আৰক্ষীয়ে ঘৰে ঘৰে গৈ চুলি ক্ৰয় কৰাৰ সুবাদতে চিনাকি হোৱা এফচিআই ৰোডৰ আফিয়া বেগমৰ কন্যাক বিভিন্ন প্ৰলোভনেৰে চলিত বৰ্ষৰ ২৯ এপ্ৰিলত স্কুললৈ যোৱাৰ পথত ইলিয়াছ শ্বেখে অপহৰণ কৰি কলকাতালৈ নিয়ে । ঘটনা সংক্ৰান্তত কিশোৰীৰ মাতৃয়ে হোজাই থানাত দাখিল কৰা অপহৰণৰ গোচৰৰ ভিত্তিত হোজাই আৰক্ষীৰ টাউন উপ পৰিদৰ্শক ( town SI of police ) বদন বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে কলকাতাৰ (Kolkata) পৰা অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে অপহৃত কিশোৰী গৰাকীক উদ্ধাৰ কৰি হোজাইলৈ শুকুৰবাৰে লৈ আহে ।
ইতিমধ্যে, হোজাই আৰক্ষীৰ জিম্মাত থকা ধৃত ইলিয়াছ শ্বেখ ইৰানী গ্রুপৰ এগৰাকী সদস্য বুলি আৰক্ষীয়ে সন্দেহ কৰি জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ