হোজাই, 28 ছেপ্টেম্বৰঃ হোজাই জিলাৰ ডবকা আৰু নীলবাগানত শুক্ৰবাৰে নিশা জিলা প্ৰশাসনৰ ড্ৰাগছ বিৰোধী অভিযান ৷ জিলাৰ প্ৰশাসনৰ এটি দলে বিশেষ সূত্ৰৰ পম খেদি ডবকা চহৰৰ ডবকা-ডিফু পথত থকা "মজুমদাৰ ড্ৰাগ ডিষ্টিবিউটাৰ" নামৰ প্ৰতিষ্ঠানখনত অভিযান চলাই বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধ জব্দ কৰাৰ লগতে প্ৰতিষ্ঠানখনৰ স্বতাধীকাৰী তাহিৰ উদ্দিন মজুমদাৰক সোধপোছৰ বাবে আটক কৰে ৷ উল্লেখ যে,পূৰ্বেও উক্ত প্ৰতিষ্ঠানখনত গুৱাহাটীৰ এটি চি আই ডি দলে অভিযান চলাই জব্দ কৰিছিল বহু লাখ টকাৰ নিচাযুক্ত ঔষধ ৷
হোজাইত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰৱ্যসহ আটক দুজন - HOJAI POLICE RAIDS AGAINST INTOXICATING SUBSTANCES
নিচাজাতীয় ঔষধৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান ৷ কেইবা লাখ টকাৰ ঔষধ জব্দ কৰাৰ লগতে সোধ-পোছৰ বাবে আটক কৰে এজনক ৷
![হোজাইত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰৱ্যসহ আটক দুজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4577396-thumbnail-3x2-hj.jpg)
ডৱকা আৰু নীলবাগানত নিচাজাতীয় ঔষধ জব্দ
ডৱকা আৰু নীলবাগানত নিচাজাতীয় ঔষধ জব্দ
আনহাতে নীলবাগানতো তাহিৰ উদ্দিন মজুমদাৰৰ ভাতৃ নাজিম উদ্দিন মজুমদাৰৰ ঘৰতো প্ৰশাসনে অভিযান চলায় ৷ হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক চুমন চক্ৰৱৰ্তী নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই 'মজুমদাৰ ড্ৰাগ ডিষ্ট্ৰিবিউটৰচ'ৰ পৰা Sampex 11,232 টা টেবলেট, Qrex 100ml চিৰাপ 33 টা বতল , Nitro tab 370 টা জব্দ কৰাৰ লগতে তাহিৰক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে,উক্ত প্ৰতিষ্ঠানটোৰ পৰা কাৰ্বি আংলং জিলা , ডিফু, হোজাই আৰু লামডিঙলৈ নিচাজাতীয় ঔষধ প্ৰেৰণ কৰা হয় বুলি দীৰ্ঘদিনীয়া অভিযোগ আছে ৷
Last Updated : Sep 28, 2019, 1:19 PM IST
TAGGED:
INTOXICATING SUBSTANCES