অসম

assam

ETV Bharat / state

হোজাইৰ ৰাজপথত আৰক্ষীৰ চকলেট বিতৰণ - ব্য়তিক্ৰমী কাৰ্যপন্থা

পথচাৰীক সজাগ কৰাৰ উদ্দেশ্যেৰে ব্য়তিক্ৰমী কাৰ্যপন্থা আৰক্ষীৰ

পথচাৰীক সজাগ কৰাৰ উদ্দেশ্যেৰে ব্য়তিক্ৰমী কাৰ্যপন্থা আৰক্ষীৰ

By

Published : Feb 9, 2019, 7:35 PM IST

হোজাই, ৯ ফেব্ৰুৱাৰীঃ ৰাজপথত চকলেট কবিতৰণ অসম আৰক্ষীৰ। শনিবাৰে এই কাৰ্যসূচী লয় অসম আৰক্ষীয়ে। প্ৰকৃততে 30 তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ অনুষ্ঠিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত পথচাৰীক সজাগ কৰাৰ উদ্দেশ্যেৰে এই ব্য়তিক্ৰমী কাৰ্যপন্থা গ্ৰহণ কৰে অসম আৰক্ষীয়ে। ইয়াৰ লগতে হেলমেট পৰিধান নকৰা সকলক একোটাকৈ হেলমেট আৰক্ষীৰ ফালৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰা হয়।

হোজাইৰ ৰাজপথত আৰক্ষীৰ চকলেট বিতৰণ

পথ সুৰক্ষা সপ্তাহ উপলক্ষে হোজাই ৰাজপথত বাইক ৰেলী আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সজাগতামূলক শোভাযাত্ৰাও উলিয়াই।।ইয়াৰ পিছতে পথ সুৰক্ষা আইন সম্পৰ্কতো এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। ইপিনে আৰক্ষীৰ এই পদক্ষেপক ৰাইজে শলাগ আৰু প্ৰশংসা কৰে সচেতন ৰাইজে।

ABOUT THE AUTHOR

...view details