হোজাই, 12 জানুৱাৰী : হোজাই জিলাৰ লংকাত মৌলানা বদৰউদ্দিন আজমলৰ মালিকাধীন বেচৰকাৰী সংস্থা "মাৰ্কাজ দাৰুল য়াতামা" (অনাথ আশ্ৰম)ৰ উপৰত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (NCPCR)য়ে নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ গোচৰৰ ভিত্তিত হোজাই জিলাৰ লংকা আৰক্ষীয়ে মাৰ্কাজ দাৰুল য়াতামাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ৷
হোজাইত মাৰ্কাজ দাৰুল য়াতামাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ - অনাথ আশ্ৰম
লংকাৰ উদালীস্থিত মাৰ্কাজুল দাৰুলৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ গোচৰৰ ভিত্তিত লংকা আৰক্ষীয়ে মৌলানা বদৰুদ্দিন আজমলৰ মালিকাধীন বেচৰকাৰী সংস্থা মাৰ্কাজ দাৰুল য়াতামাৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ৷
![হোজাইত মাৰ্কাজ দাৰুল য়াতামাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ hojai police banned markaj darul yatama](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10216634-895-10216634-1610453735822.jpg)
হোজাই জিলা প্ৰশাসনে বন্ধ কৰিলে মাৰ্কাজ দাৰুল য়াতামা
হোজাইত মাৰ্কাজ দাৰুল য়াতামাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ
উল্লেখ্য যে, লংকা আৰক্ষী থানাত মাৰ্কাজ দাৰুল য়াতামাৰ বিৰুদ্ধে ৰুজু হৈছিল 26/21 নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ 491 ধাৰাত গোচৰ ৷ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ নিয়ম অনুসৰি আজমলৰ মাৰ্কজ দাৰুলত থকা শিশু সকলৰ অধিকাৰৰ ক্ষেত্ৰত থকা নীতি নিদেৰ্শনাক অমান্য কৰা তথা শিশুৰ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগত লংকাৰ উদালীস্থিত মাৰ্কাজুল দাৰুলৰ বিৰুদ্ধে আইনৰ কাষ চাপিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ ।
লগতে পঢ়ক : কৃষি আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য
Last Updated : Jan 12, 2021, 7:19 PM IST