হোজাই,১৯ এপ্ৰিল: মহামাৰীৰ সংক্ৰমণে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে হোজাই আৰক্ষীয়ে । সোমবাৰে লংকা বজাৰত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰি ক'ভিড-১৯ ৰ ভয়াৱহতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে ।
লংকা বজাৰৰ সৰু-বৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বজাৰলৈ অহা লোকক মাস্ক পিন্ধিবলৈ আহ্বান জনায় আৰক্ষীয়ে । লগতে বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ মাস্ক প্ৰদান কৰে । বাইক আৰু চাৰিচকীয়া বাহনত অহা লোককো মাস্ক নিপিন্ধাৰ বাবে আৰক্ষীয়ে এহাজাৰ টকাকৈ জৰিমনা বিহে ।