অসম

assam

ETV Bharat / state

তালিবানৰ ভয়ত দেশ এৰিছে আফগানীয়ে : অসমত থাকি তালিবানলৈ দৰদ জাগিছে কাৰ ? - taliban terrorist

মাৰ্কিন সেনাৰ হাতত কোনো অসহায় আফগান মাতৃয়ে নিজৰ শিশুক গতাই দি দেশৰ পৰা আঁতৰাই পঠিওৱাৰ দৰে ঘটনাই স্বাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত ৷ কিন্তু, একে সময়তে অসমত থাকি এনে সন্ত্ৰাসবাদী গোটক সমৰ্থন আগবঢ়োৱা দেখা গৈছে কিছু অসমীয়া লোকক ৷ জানো আহক এনে এগৰাকী শিক্ষকৰ বিলৈ ৷

hojai-police-arrests-retired-teacher-for-supporting-taliban-over-social-media
তালিবানৰ ভয়ত দেশ এৰিছে আফগানীয়ে : অসমত থাকি তালিবানলৈ দৰদ জাগিছে কাৰ?

By

Published : Aug 21, 2021, 7:34 PM IST

হোজাই, 21 আগষ্ট : তালিবানে আফগানিস্তান দখল কৰাৰ ঘটনাক লৈ সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ খোদ আফগানিস্তানৰ নাগৰিক সকলে তালিবানী শাসনৰ আতংকত নাগৰিকে নিজ দেশ এৰি পৃথিৱীৰ অন্য প্ৰান্তলৈ ধাপলি মেলিছে ৷ বহু আফগানী নাগৰিকে দেশ এৰি বিদেশলৈ যাত্ৰা কৰাৰ ক্ষেত্ৰত লাভ কৰা নাই সুবিধা ৷ যি সময়ত মাৰ্কিন সেনাৰ হাতত কোনো মাতৃয়ে নিজৰ শিশুক গতাই দি দেশৰ পৰা আতৰাই পঠিয়াইছে, সেই সময়তে অসম মুলুকৰ এচাম লোকে সামাজিক মাধ্যমত তালিবানৰ সমৰ্থন কৰি অহা দেখা গৈছে ৷

ৰাজ্যজুৰি তালিবানৰ সমৰ্থন কৰা এনে লোকৰ কাৰ্যই হতচকিত কৰি তুলিছে শান্তিকামী অসমীয়া ৰাইজক ৷ অৱশেষত শেহতীয়াকৈ অসম আৰক্ষীয়ে এনে লোকৰ বিৰুদ্ধে তালিকা প্ৰস্তুত কৰি আৰম্ভ কৰিছে বিশেষ অভিযান ৷ ৰাজ্যৰ অইন প্ৰান্তৰ লগতে হোজাই জিলাৰ ডবকাতো তালিবান সন্ত্ৰাসবাদীক সমৰ্থন কৰি সামাজিক মাধ্যমত লিখা-মেলা কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে আৰক্ষীয়ে ৷

তালিবানৰ ভয়ত দেশ এৰিছে আফগানীয়ে : অসমত থাকি তালিবানলৈ দৰদ জাগিছে কাৰ?

হোজাই জিলাৰ ডবকা আৰক্ষী চকী এলেকাৰ মৌলানা বচিৰ উদ্দিন লস্কৰ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনক এই সম্পৰ্কীয় গোচৰত হোজাই আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৷ হোজাইৰ জিলীৰ আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থৰ তৎপৰতাত গ্ৰেপ্তাৰ কৰা হৈছে লোক জনক ৷

মৌলানা বচিৰ উদ্দিন লস্কৰ

ইতিমধ্যে, হোজাই জিলা প্ৰশাসনে শংকৰ দেৱ নগৰ আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ধৃত বচিৰ উদ্দিন লস্কৰ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকজনক । জানিব পৰা মতে, ধৃত বচিৰ উদ্দিন লস্কৰে সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকত তালিবানৰ সমৰ্থনত লিখা-মেলা কৰি আছিল ৷ অৱশেষত শনিবাৰে হোজাই জিলা আৰক্ষীৰ হাতত আটক হ’ল অৱসৰপ্ৰাপ্ত শিক্ষকজন ৷

লগতে পঢ়ক :তালিবানক সমৰ্থন কৰি অসমত 14 জন গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details