হোজাই, 9 ছেপ্টেম্বৰ :এইবাৰ আৰক্ষীৰ ৰোষত পৰিছে হোজাইৰ গাঁওৰক্ষী বাহিনী ৷ ইতিমধ্যে হোজাই আৰক্ষীয়ে আটক কৰিছে গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক মইনউদ্দিন আহমেদ আৰু তেওঁৰ দুই সতীৰ্থ ৷ আটকাধীন মইনউদ্দিন আহমেদৰ দুই সতীৰ্থ হৈছে সতীশ কুমাৰ চৌৱে আৰু ধনেশ্বৰ চৌড়া (Hojai police arrested village guards) ৷
অভিযোগ অনুসৰি, হোজাইৰ আৰক্ষী অধীক্ষকে নিষ্ক্ৰিয় কৰি ৰখা গাঁওৰক্ষী বাহিনীৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে উঠাই আত্মসাৎ কৰিছিল (Hojai VDP Embezzlement of government funds) ৷ এই অভিযোগৰ ভিত্তিতে লংকা আৰক্ষীয়ে আটক কৰে হোজাই জিলাৰ গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক মইনউদ্দিন আহমেদ আৰু সম্পাদক সতীশ কুমাৰ চৌৱেক ।
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, দুয়োগৰাকীয়ে হোজাইৰ বৰপুখুৰী গাঁওৰক্ষী বাহিনীৰ নামত নিষ্ক্ৰিয় কৰি থোৱা গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টৰ পৰা জালিয়াতিৰে 60 হাজাৰ টকা আত্মসাৎ কৰিছিল । এই ধন আত্মসাৎ কার্যত বৰপুখুৰী গাঁওৰক্ষী বাহিনীৰ সভাপতি ধনেশ্বৰ চৌড়াও জড়িত আছিল ।
লগতে পঢ়ক :সোণাৰিত পাঁচ যুৱকৰ কামনাৰ বলি হ’ল যুৱতী