প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ নামত দুৰ্নীতি - ভুৱা নথি-পত্ৰৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ
ভুৱা নথি-পত্ৰৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ ৷ এনআৰচি,ভোটাৰ তালিকাত নাম নথকাকৈ আৱাস যোজনাৰ গৃহ লাভৰ অভিযোগ প্ৰতিবেশীৰ ৷
প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ নামত দূৰ্নীতি
হোজাই, 5 চেপ্তেম্বৰঃ হোজাইৰ কাষৰীয়া খেৰণী অঞ্চলত প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ ভূৱা নথি পত্ৰ দাখিল কৰি জালিয়াতিৰে চৰকাৰী অনুদানৰ আৱাস গৃহ পোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷ খেৰণি কছাৰীবস্তিৰ সুশী দেৱীৰ বিৰুদ্ধে এই অভিযোগ প্ৰতিবেশীৰ | এন আৰ চি, ৰেচন কাৰ্ড নথকা, ভোটাৰ তালিকা আদিত নাম নথকাকৈ আৰু ভুৱা নথি পত্ৰ জমা কৰি হিতাধিকাৰীয়ে প্ৰয়োজনীয় AS--1326629 ID নম্বৰ উলিয়াই সুশী দেৱীয়ে আৱাস যোজনাৰ গৃহ লাভ কৰাৰ অভিযোগ |