হোজাই, ২ জুনঃ শিক্ষাগত অৰ্হতা সম্পৰ্কত আঞ্চলিক পঞ্চায়তৰ সদস্যৰ স্পষ্টীকৰণ । লংকাত সংবাদমেল যোগে স্পষ্টীকৰণ দাঙি ধৰে আঞ্চলিক পঞ্চায়ৰ সদস্য মফিজুৰ ৰহমানে । তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি প্ৰমাণ কৰিলে শিক্ষাগত অৰ্হতা ।
পঞ্চায়ত সদস্যৰ সংবাদমেলঃ অভিযোগ খণ্ডন কৰি প্ৰমাণ কৰিলে শিক্ষাগত অৰ্হতা
লংকাত সংবাদমেল যোগে নিজৰ শিক্ষাগত অৰ্হতা সম্পৰ্কত প্ৰমাণ দিলে আঞ্চলিক পঞ্চায়তৰ সদস্যই
যোৱা পঞ্চায়ত নিৰ্বাচনত লামডিং ব্লকৰ অন্তৰ্গত কাকীটঙীয়া গাঁও পঞ্চায়তৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হোৱা আঞ্চলিক পঞ্চায়তৰ সদস্য মফিজুৰ ৰহমানৰ বিৰুদ্ধে শিক্ষাগত অৰ্হতা সম্পৰ্কত ,জাল চাৰ্টিফিকেট দাখিল কৰি নিৰ্বাচনত জয় হৈছিল বুলি এক অভিযোগ আনিছে তেঁওৰ বিপক্ষে থিয় হৈ নিৰ্বাচনত বিফল হোৱা আইনুল হক নামৰ আন এজন প্ৰাৰ্থীয়ে । আৰু এই সন্দৰ্ভত সংবাদ মাধ্যমতো বিগত দিনত বাতৰি প্ৰকাশ পাইছিল । অৱশেষত,এক সংবাদমেল যোগেদি মফিজুৰ ৰহমানে তেঁওৰ বিৰুদ্ধে উঠা শিক্ষাগত অৰ্হতা সন্দৰ্ভত অভিযোগ খণ্ডন কৰাৰ লগতে, তেঁও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ সংস্কৃত বৰ্ডৰ পৰা উত্তীৰ্ণ বুলি তথ্য সহকাৰে প্ৰমাণ কৰে ।তেঁওৰ বিৰুদ্ধে উত্থাপন কৰা এই অভিযোগ মিছা,ভিত্তিহীন কোৱাৰ লগতে তেঁওৰ বিৰুদ্ধে এইয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলিও উল্লেখ কৰে মফিজুৰ ৰহমানে ।