হোজাই ডবকাৰ এন আৰ এল পেট্ৰ'ল পাম্পত উত্তেজনা - এন আৰ এল পেট্ৰ'ল পাম্প
জোখতকৈ কম পৰিমাণৰ তেল দিয়াৰ অভিযোগত পেট্ৰ'ল পাম্পটোত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে এন আৰ এল পেট্ৰ'ল পাম্পটোৰ এটা পাম্প ছীল কৰে হোজাই জিলা প্ৰশাসনে ৷
হোজাই,9 জুলাই: হোজাই ডবকাৰ এন আৰ এল পেট্ৰ'ল পাম্পত ব্যাপক উত্তেজনা ৷ গ্ৰাহকক জোখতকৈ কম তেল দিয়াৰ অভিযোগত সোমবাৰে হোজাই ডবকাৰ এন আৰ এল পেট্ৰ'ল পাম্পত সৃষ্টি হয় এই উত্তেজনা ৷ জোখতকৈ কম পৰিমাণৰ তেল দিয়াৰ অভিযোগত পেট্ৰ'ল পাম্পটোত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে এন আৰ এল পেট্ৰ'ল পাম্পটোৰ এটা পাম্প ছীল কৰে হোজাই জিলা প্ৰশাসনে ৷ ঘটনা অনুসৰি,হেলাল মেহমুদ নামৰ এজন গ্ৰাহকে নিজৰ চাৰিচকীয়া বাহনত দুই হাজাৰ টকাৰ পেট্ৰল ভৰাই যদিও গাড়ী খনৰ তেলৰ মিটাৰত তেলৰ পৰিমাণত বিসংগতি ধৰা পৰে ৷ লগে লগে অন্য এটা পাত্ৰত এক লিটাৰ তেল ভৰোৱাত,পাত্ৰটোত তেলৰ পৰিমাণ জোখতকৈ কম ওলোৱাত উত্তেজিত হৈ পৰে একাংশ গ্ৰাহক ৷ গ্ৰাহকজনে সমগ্ৰ বিষয়টো টেলিফোন যোগে হোজাই জিলাৰ উপায়ুক্তক অৱগত কৰাত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে এজন দণ্ডাধীশৰ নেতৃত্বত দুজন যোগান বিভাগৰ বিষয়া আহি উপস্থিত হয় পেট্ৰল পাম্পটোত ৷ প্ৰাথমিক তদন্তৰ অন্তত পাম্পটোত বিসংগতি থকাৰ কথা ধৰা পৰাত প্ৰশাসনে ছীল কৰি দিয়ে এন আৰ এল পেট্ৰ'ল পাম্পটোৰ এটাকৈ পাম্প ৷ ইয়াৰ পূৰ্বেও পাম্পটোত এনে ধৰণৰ খেলিমেলি হোৱাৰ কথা পোহৰলৈ আহিছিল বিগত সময়ত ৷