অসম

assam

ETV Bharat / state

হোজাইত‌ এন আৰ চিৰ পৰা বাদ পৰা পৰিয়ালৰ কাষত সাংসদ প্ৰদ্যুত বৰদলৈ - বিজেপি চৰকাৰ

হোজাই লংকাৰ ডেৰাপথাৰত‌ উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ । NRC ৰ সংক্ৰান্তত বুজ ল'বলৈ উপস্থিত সাংসদ গৰাকী । উপযুক্ত নথিপত্ৰ থকাৰ পিছতো বাদ পৰিছিল ৪০% জনগোষ্ঠীয় লোকৰ নাম। বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা সাংসদগৰাকীৰ ।

হোজাই লংকাৰ ডেৰাপথাৰত‌ উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ

By

Published : Sep 5, 2019, 11:17 PM IST

হোজাই,5ছেপ্টেম্বৰঃ ৩১ আগষ্টত এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছতেই হোজাই লংকাৰ ডেৰাপথাৰত ৬ জনগোষ্ঠীয়‌ লোকৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ । ডেৰাপথাৰৰ প্ৰায় ৩ খন গাঁৱৰ ৪ হাজাৰ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । সৰ্বমুঠ ৫ টা জনগোষ্ঠীৰ ক্ৰমে গাৰো, কোঁচ, ডালু, হাজং আৰু বাঙালী সম্প্ৰদায়ৰ ৪ হাজাৰ লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল ৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চি ৰ পূৰ্ণাংগ তালিকাত । উল্লেখ্য যে, পূব পাকিস্তানত ধৰ্মীয় হিংসাৰ বলি হোৱা এই ৬ জনগোষ্ঠীয় লোকে সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহৰু আহ্বান মৰ্মে ১৯৬৪ চনত অসমত প্ৰৱেশ কৰিছিল । তাৰ পৰৱৰ্তী সময়ত এই লোকসকলক লংকা ৰাজহ চক্ৰৰ ডেৰাপথাৰত সংস্থাপন দিয়ে চৰকাৰে । কিন্তু এই লোকসকলৰ উপযুক্ত নথি পত্ৰ থকাৰ পিছতো এন আৰ চিত নাম নহাত সমগ্ৰ বিষয়টো বুজ লয়‌ নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে । ডেৰাপথাৰৰ প্ৰতি ঘৰ লোকৰ ঘৰত উপস্থিত হৈ এন আৰ চিৰ সংক্ৰান্তত বুজ লৈ সকলো বিজেপি চৰকাৰৰ গাফিলতি বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে ।

হোজাই লংকাৰ ডেৰাপথাৰত‌ উপস্থিত সাংসদ প্ৰদ্যুত বৰদলৈ

ABOUT THE AUTHOR

...view details