অসম

assam

ETV Bharat / state

হোজাইত বিবাহস্থলীৰ পৰা কিশোৰীক উদ্ধাৰ - ভালুকমাৰী

হোজাইৰ ভালুকমাৰীত বাল্যবিবাহ বন্ধ কৰি এগৰাকী কিশোৰীক উদ্ধাৰ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে। শিৱসাগৰৰ পৰা কিশোৰীগৰাকীক ভালুকমাৰীলৈ আনি বিবাহৰ আয়োজন কৰা হৈছিল।

হোজাইত বিবাহস্থলীৰ পৰা কিশোৰীক উদ্ধাৰ
হোজাইত বিবাহস্থলীৰ পৰা কিশোৰীক উদ্ধাৰ

By

Published : Oct 1, 2020, 3:47 PM IST

হোজাই, ১অক্টোবৰ : প্ৰশাসনৰ নিৰ্দেশ, সজাগতামূলক অভিযানলৈ বুঢ়া আঙুলি দেখুৱাই হোজাইত সংঘটিত হৈছে বাল্যবিবাহৰ ঘটনা । বৃহস্পতিবাৰে বাল্যবিবাহ বন্ধ কৰি বিবাহস্থলীৰ পৰা এগৰাকী কিশোৰীক উদ্ধাৰ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে । কিশোৰীগৰাকীৰ ঘৰ শিৱসাগৰত । শিৱসাগৰৰ পৰা কিশোৰীগৰাকীক ভালুকমাৰীলৈ আনি বিবাহৰ আয়োজন কৰা হৈছিল ।

হোজাইত বিবাহস্থলীৰ পৰা কিশোৰীক উদ্ধাৰ

হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে এই খবৰ লাভ কৰাৰ পিছতে সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশ মৰ্মে পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, দিপক দেৱনাথ আৰু চাইল্ড লাইনে কিশোৰীগৰাকীক উদ্ধাৰ কৰে । সম্প্ৰতি ৱানষ্টপ চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে কিশোৰীগৰাকীক ।

লগতে পঢ়ক :অৱশেষত জালত পৰিল দ্বিবন ডেকা

ABOUT THE AUTHOR

...view details