হোজাই,২০ জুনঃ প্ৰেমিকাক হত্যাৰ চেষ্টা কৰিও মুকলি আকাশৰ তলত প্ৰেমিক । আৰক্ষীৰ ওচৰত গোচৰ দিয়াৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালবৰ্গৰ । অভিযোগ মতে,হোজাই জিলাৰ নীলবাগানৰ নাজিৰ আহমেদ নামৰ যুৱকজনে কিছুদিন পূৰ্বে প্ৰেমিকাক তেওঁৰ নিজৰ দোকানত আৱদ্ধ কৰি ৰখাৰ লগতে শাৰীৰিক সম্বন্ধৰ বাবে জোৰ কৰিছিল কিন্তু যুৱতীগৰাকী মান্তি নোহোৱাত চুৰিৰে পেটত আঘাত কৰি প্ৰেমিকাক হত্যাৰ অপচেষ্টা চলাই । সম্প্ৰতি গুৰুতৰভাৱে আহত যুৱতীগৰাকী চিকিৎসাধীন হৈ আছে জি এম চি এইচত ।
শাৰীৰিক সম্বন্ধৰ বাবে অমান্তি হোৱাত প্ৰেমিকাক চুৰিকাঘাত ! - crime
প্ৰেমিকাক হত্যাৰ চেষ্টা কৰা প্ৰেমিকক আৰক্ষীয়ে ছত্ৰছায়াৰ দিয়াৰ অভিযোগ ।
![শাৰীৰিক সম্বন্ধৰ বাবে অমান্তি হোৱাত প্ৰেমিকাক চুৰিকাঘাত !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3613033-thumbnail-3x2-p.jpg)
প্ৰেমিকাক চুৰিকাঘাত !
প্ৰেমিকাক চুৰিকাঘাত !
এই সন্দৰ্ভত এখন সংবাদমেলো সম্বোধন কৰে যুৱতীগৰাকীয়ে পৰিয়ালবৰ্গই । যুৱতীগৰাকীৰ মাতৃয়ে এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে কয় যে প্ৰভাৱশালী নেতা ছিৰাজ উদ্দিনৰ ব্যক্তিগত সহায়ক নুৰুলৰ আত্মীয় হোৱাৰ বাবে ভুক্তভোগীয়ে ন্যায়ৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । ইফালে অভিযুক্তৰ দোকানখনো হোজাই জিলা প্ৰশাসনে তলা লগাবলৈ সাহস কৰা নাই বুলি অভিযোগ তৰিছে পৰিয়ালবৰ্গই । উক্ত সংবাদমোলৰ যোগে ,ভুক্তভোগীৰ মাতৃয়ে উচিত ন্যায়ৰ বাবে অসম চৰকাৰ আৰু হোজাই জিলা প্ৰশাসনৰ লগতে বিভিন্ন দল সংগঠনক আহ্বান জনায় ।