হোজাই, ৮অক্টোবৰ: উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডৰ নিৰ্যাতিতাৰ ন্যায়ৰ দাবীত সমগ্ৰ দেশতে অব্যাহত আছে প্ৰতিবাদ। বৃহস্পতিবাৰে হোজাইৰ শংকৰদেৱ নগৰত মৌন সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে জিলা কংগ্ৰেছ কমিটীয়ে। গণধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ পৰিয়ালৰ খবৰ ল'বলৈ যোৱাৰ পথত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীয়ে কৰা ব্যৱহাৰক লৈ তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ নেতা-কৰ্মীয়ে।
