অসম

assam

ETV Bharat / state

NRC ত নাম উল্লেখ আৰু বাতিল কেৱল উপাধি চাই কৰা হয়ঃ শিলাদিত্য দেৱ - ডি ভোটাৰ

ডি ভোটাৰ সন্দৰ্ভত বিধায়ক শিলাদিত্য দেৱৰ সংবাদ মেল ৷ NRC ত নাম উল্লেখ আৰু বাতিল কেৱল উপাধি চাই কৰা হয় বুলিও উল্লেখ বিধায়কগৰাকীৰ ৷

ডি ভোটাৰ সন্দৰ্ভত বিধায়ক শিলাদিত্য দেৱৰ সংবাদ মেল

By

Published : Aug 19, 2019, 6:27 PM IST

হোজাই, 19 আগষ্টঃ ডি ভোটাৰৰ সমস্যা সংক্ৰান্তত দেওবাৰে হোজাইৰ পৌৰসভাৰ প্ৰেক্ষাগৃহত এক সভা অনুষ্ঠিত হোৱাৰ পিছত সংবাদমেল সম্বোধন কৰে বিধায়ক শিলাদিত্য দেৱে । সংবাদ মেলত শিলাদিত্যৰ মন্তব্য, NRC ত নাম উল্লেখ আৰু বাতিল কেৱল উপাধি চাই কৰা হয় । উপাধি পচন্দ নহ'লে উপাধিৰ পিছত লাগি যায় ডি ভোটাৰ । তাৰোপৰি হোজাই সমষ্টিত উপাধি চাই ডি ভোটাৰৰ তালিকা বনোৱা হৈছে বুলি উল্লেখ বিধায়কগৰাকীৰ ।

ডি ভোটাৰ সন্দৰ্ভত বিধায়ক শিলাদিত্য দেৱৰ সংবাদ মেল


ইপিনে ধনী মানুহক কেতিয়াও ডি ভোটাৰ বনোৱা নহয় বুলিও উল্লেখ বিধায়ক গৰাকীৰ ।কিয়নো আৰক্ষীয়ে ধনী মানুহক ডি ভোটাৰ কৰিবলৈ সাহস নকৰে। লগতে থানাৰ চকীত বহিয়েই ৰাইজক ডি ভোটাৰ সজোৱা হয় বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে । উপাধি চাই চাই ডি ভোটাৰ সজাই অসমক ধ্বংস কোনে কৰি আছে বুলিও প্ৰশ্ন তোলে শিলাদিত্য দেৱে । ১৯৭১ ৰ পিছত অহা বাংলাদেশী মুছলমানৰ নাম NRC ত অন্তৰ্ভুক্ত হৈছে বুলি অভিযোগ তুলি ডি ভোটাৰৰ প্ৰক্ৰিয়া উঠাই দিব লাগে বুলিও দাবী তোলে শিলাদিত্য দেৱে ।

ABOUT THE AUTHOR

...view details