অসম

assam

ETV Bharat / state

এইবাৰ ঠেলাৱালাৰ ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য

স্বচ্ছ ভাৰত অভিযানক উন্নত কৰাৰ বাবে মানুহৰ ঘৰৰ পৰা জাবৰ সংগ্ৰহ কৰিব পৰা ঠেলাৰ যোগান হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ ৷

এইবাৰ ঠেলাৱালাৰ ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য

By

Published : Sep 20, 2019, 7:19 PM IST

হোজাই, 20 চেপ্তেম্বৰঃ এইবাৰ ঠেলাৱালাৰ ৰূপত বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ ৷ ঠেলা চলাই মানুহৰ ঘৰে ঘৰে সংগ্ৰহ কৰিলে জাবৰ ৷ স্বচ্ছ ভাৰত অভিযানক উন্নত কৰাৰ বাবে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে গ্ৰহণ কৰিছে এই পদ্ধতি ৷ শুকুৰবাৰে জিলাখনৰ লংকাত মানুহৰ ঘৰৰ পৰা জাবৰ সংগ্ৰহ কৰিব পৰা ঠেলাৰ যোগান ধৰে বিধায়ক গৰাকীয়ে ৷ লংকা পৌৰ সভাৰ এলেকাত উক্ত ঠেলাৰ জৰিয়তে মানুহৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব অলাগতিয়াল জাবৰ ৷ শিলাদিত্যৰ লগতে লংকাৰ এক নম্বৰ ৱাৰ্ডৰ সদস্য প্ৰদীপ দেকো দেখা গ'ল অনুৰূপ ৰূপত ৷

এইবাৰ ঠেলাৱালাৰ ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য

ইয়াৰোপৰি লংকা পৌৰ সভাৰ কাৰ্যালয়ত E Governance আঁচনি আৰু পৌৰসভাৰ অন্তৰ্গত দহ নম্বৰ ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰো শুভাৰম্ভ কৰে শিলাদিত্য দেৱে ৷ লগতে পৌৰসভাৰ অন্তৰ্গত মহিলা গোট সমূহক আয়ুষ্মান ভাৰতৰ কাৰ্ড পঞ্জীয়ন কৰা সন্দৰ্ভত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details