অসম

assam

ETV Bharat / state

আজিও সন্ধান নোলাল হোজাইৰ মোঃ ইছাদুল হকৰ

সাত মাহ পর্যন্ত ডিব্ৰুগড় আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে এজন সন্ধানহীন ছাত্ৰৰ । ২০১৯ চনৰ ২৪ ডিচেম্বৰত সন্ধানহীন হৈছিল ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ ছাত্ৰজন ৷

HOJAI MISSING MBBS STUDENT STORY
আজিও সন্ধান নোলাল হোজাইৰ মোঃ ইছাদুল হকৰ

By

Published : Jul 15, 2020, 3:02 PM IST

হোজাই, 15 জুলাই : সাত মাহ পর্যন্ত ডিব্ৰুগড় আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে এজন সন্ধানহীন ছাত্ৰৰ । ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ চিকিৎসা শাস্ত্ৰৰ স্নাতক (MBBS) মহলাৰ নৱম ষান্মাসিকত অধ্যায়ন কৰি থকা হোজাইৰ উত্তৰ আশী নগৰৰ ছাত্ৰ মোঃ ইছাদুল হক ৰহস্যজনকভাৱে ২০১৯ চনৰ ২৪ ডিচেম্বৰত সন্ধানহীন হৈছিল । ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ ছাত্ৰাবাসৰ পৰা সন্ধানহীন হৈছিল ছাত্ৰজন ৷

আজিও সন্ধান নোলাল হোজাইৰ মোঃ ইছাদুল হকৰ
উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ডিব্ৰুগড় বৰবাৰী আৰক্ষী চকীত এম.এম.আৰ নং এচ.ডি./০১৯ আৰু ডিব্ৰুগড় সদৰ থানাত ৩৫/২০ নম্বৰত গোচৰ ৰুজু কৰিছিল । কিন্তু আজি সাত মাহ পর্যন্ত ডিব্ৰুগড় আৰক্ষীয়ে সন্ধানহীন ছাত্ৰ জনৰ উলিয়াব নোৱাৰিলে কোনো শুংসূত্ৰ । সেয়হে ভুক্তভোগী পৰিয়ালে আৰক্ষীৰ পৰা সঁহাৰি নাপায়,উপায় বিহীন হৈ কাষ চাপিছে সংবাদ মাধ্যমৰ । হোজাইত ভুক্তভোগী পৰিয়ালে সংবাদ মেলৰ জৰিয়তে উক্ত ঘটনাটোত চৰকাৰক হস্তক্ষেপ কামনা কৰে ।

ABOUT THE AUTHOR

...view details