অসম

assam

ETV Bharat / state

হোজাইত মিডিয়া চার্টিফিকেছন আৰু মনিটৰিং কোষৰ গুৰুত্বপূর্ণ সভা - পেইড নিউজ

সভাত উপায়ুক্তই নির্বাচন কোষ সঠিকভাবে পৰিচালনা কৰাৰ বাবে নির্বাচন আয়োগে দিয়া নীতি-নির্দেশনাসমূহ বহলাই অৱগত কৰে । উপায়ুক্তগৰাকীয়ে সভাত উপস্থিত থকা সকলো সদস্যক কিদৰে মিডিয়া চার্টিফিকেছন কৰিব লাগে তথা ছপা মাধ্যম, বৈদ্যুতিন মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াত পেইড নিউজ নিৰীক্ষণৰ লগতে নির্বাচন আচৰণবিধি ভংগ কৰা ব্যক্তিৰ প্রতি সজাগ দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়ে ।

hojai media certification and monitoring committee meeting
হোজাইত মিডিয়া চার্টিফিকেছন আৰু মনিটৰিং কোষৰ গুৰুত্বপূর্ণ সভা

By

Published : Mar 1, 2021, 10:16 PM IST

হোজাই,1 মাৰ্চ :হোজাই জিলা প্রশাসনে সমাগত বিধানসভা নির্বাচন ২০২১ স্বচ্ছ, নিকা আৰু নিৰপেক্ষভাবে অনুষ্ঠিত কৰাৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে নির্বাচন সংক্রান্তীয় বিভিন্ন কোষ স্থাপন কৰিছে । এই উপলক্ষে সোমবাৰে সন্ধিয়া উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত উপায়ুক্ত ড0 সদনেক সিঙৰ সভাপতিত্বত মিডিয়া চার্টিফিকেছন আৰু মনিটৰিং কোষৰ এক গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হৈ যায় । সভাত উপায়ুক্তই নির্বাচন কোষ সঠিকভাবে পৰিচালনা কৰাৰ বাবে নির্বাচন আয়োগে দিয়া নীতি-নির্দেশনাসমূহ বহলাই অৱগত কৰে । উপায়ুক্তগৰাকীয়ে সভাত উপস্থিত থকা সকলো সদস্যক কিদৰে মিডিয়া চার্টিফিকেছন কৰিব লাগে তথা ছপা মাধ্যম, বৈদ্যুতিন মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াত পেইড নিউজ নিৰীক্ষণৰ লগতে নির্বাচন আচৰণবিধি ভংগ কৰা ব্যক্তিৰ প্রতি সজাগ দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়ে । উক্ত সভাত অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, নির্বাচন বিষয়া, চক্র বিষয়া, জনসংযোগ বিষয়াৰ উপৰিও কোষটোৰ বিভিন্ন সদস্যসকল উপস্থিত থাকে । হোজাই জিলা জনসংযোগ বিভাগে এক বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ।

হোজাইত মিডিয়া চার্টিফিকেছন আৰু মনিটৰিং কোষৰ গুৰুত্বপূর্ণ সভা

ABOUT THE AUTHOR

...view details