হোজাই, 2 ডিচেম্বৰঃহোজাই জিলাৰ ডবকাত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড ৷ ৰাজপথত থিয় কৰাই দুই যুৱতীক প্ৰহাৰ মৌলবীৰ ৷ কেৱল প্ৰহাৰ কৰাই নহয় যুৱতী দুগৰাকীক উদ্দেশ্যি অশ্লীল গালি-গালাজো কৰিছে লোকজনে ৷
উল্লেখ্য যে, ডবকাৰ কাঞ্চি বজাৰত পুৱতি নিশা যুৱতী দুগৰাকীক অগচি ধৰে তিনিজন যুৱকে ৷ ইয়াৰ পিছতেই নিজকে ডন বুলি পৰিচয় দিয়া এগৰাকী মৌলবীয়ে দুয়োগৰাকী যুৱতীকে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ সম্প্ৰতি এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷