অসম

assam

ETV Bharat / state

ন্যায় বিচাৰি হোজাইৰ এজন ব্যক্তিৰ ব্যতিক্ৰমী প্ৰতিবাদ - হোজাইৰ অতিৰিক্ত উপায়ুক্ত ইলিয়াছ আলী

হোজাইৰ কপাহবাৰীৰ মিনাজউদ্দিন নামৰ লোকজনে ডবকাৰ তদানীন্তন চক্ৰ বিষয়া তথা বৰ্তমান হোজাইৰ অতিৰিক্ত উপায়ুক্ত ইলিয়াছ আহমেদ, মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কবিৰ সিং লিম্বু আৰু একাংশ ভূ-মাফিয়াৰ বিৰুদ্ধে ভুৱা মাটি নামজাৰিৰ অভিযোগ উত্থাপন কৰি গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী ৷

Hojai man protest at pond
ন্যায় বিচাৰি ব্যতিক্ৰমী প্ৰতিবাদ হোজাইৰ এজন ব্যক্তিৰ

By

Published : Sep 22, 2020, 3:45 PM IST

হোজাই, 22 ছেপ্তেম্বৰঃহোজাইত ন্যায় বিচাৰি এজন লোকৰ ব্যতিক্ৰমী প্ৰতিবাদ ৷ মহাত্মা গান্ধীৰ ফটো বেদীত স্থাপন কৰি ডিঙিলৈকে পানীত নামি অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে লোকজনে ৷ হোজাইৰকপাহবাৰীৰ মিনাজউদ্দিনে ডবকাৰ তদানীন্তন চক্ৰ বিষয়া তথা বৰ্তমান হোজাইৰ অতিৰিক্ত উপায়ুক্ত ইলিয়াছ আহমেদ, মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কবিৰ সিং লিম্বু আৰু একাংশ ভূ-মাফিয়াৰ বিৰুদ্ধে ভুৱা মাটি নামজাৰিৰ অভিযোগ উত্থাপন কৰি গ্ৰহণ কৰিছে এই অনশন কাৰ্যসূচী ৷

ন্যায় বিচাৰি ব্যতিক্ৰমী প্ৰতিবাদ

মিনাজউদ্দিনৰ পিতৃৰ দিনৰে প্ৰায় 60 বিঘা মাটি হোজাইৰ অতিৰিক্ত উপায়ুক্ত ইলিয়াছ আলীকে ধৰি আৰক্ষী বিষয়া কবিৰ সিং লিম্বু আৰু কে'বাজনো ভূ-মাফিয়াই ভুৱাকৈ নামজাৰি কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ এই সন্দৰ্ভত তেখেত আৰক্ষী বিষয়া কবিৰ সিং লিম্বুৰ কাষ চাপিছিল যদিও আৰক্ষী বিষয়া গৰাকীয়ে তেখেতক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে ৷ সেয়েহে তেখেতৰ ওপৰত হোৱা এই অন্যায়ৰ প্ৰতিবাদত অহা 25 ছেপ্তেম্বৰলৈকে 5 দিনীয়া এই ব্যতিক্ৰমী অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে ভুক্তভোগী লোকজনে ৷

লগতে পঢ়ক-বিশ্ব গঁড় দিৱস ২০২০

ABOUT THE AUTHOR

...view details