অসম

assam

ETV Bharat / state

ভুৱা পঞ্জীয়ন নম্বৰেৰে ফাইনেঞ্চ কোম্পানীক প্ৰৱঞ্চনা গ্ৰাহকৰ - অসম নিউজ

গাড়ীৰ কিস্তি পৰিশোধ নকৰাৰ ফলত বহুবাৰ জাননী দিয়া হৈছিল লোকজনক ৷ কিন্তু ট্ৰাকখনৰ কিস্তিৰ ধন পৰিশোধ কৰাত অসমৰ্থ হৈ আলী আহমেদে জালিয়াতিৰে ট্ৰাকৰ পঞ্জীয়ন নম্বৰ সলনি কৰে ৷

ভুৱা পঞ্জীয়ন নম্বৰ ব্যৱহাৰ

By

Published : Jun 28, 2019, 2:58 PM IST

হোজাই, 28 জুনঃ ট্ৰাকৰ ফাইনেঞ্চৰ ধন পৰিশোধ কৰিব নোৱাৰি ট্ৰাকত ভুৱা পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি আৰক্ষীৰ জালত পৰিল হোজাইৰ এগৰাকী ব্যক্তি ৷ অভিযোগ অনুসৰি, লংকাৰ উদালীৰ আলী আহমেদ নামৰ ব্যক্তি গৰাকীয়ে AS-25-BC-2675 নম্বৰৰ ট্ৰাক খন ক্ৰয় কৰাৰ পাচত গাড়ীৰ ফাইনেঞ্চৰ ধন পৰিশোধ কৰাৰ সময়ত বেমেজালিৰ সৃষ্টি কৰে ৷ গাড়ীৰ কিস্তি পৰিশোধ নকৰাৰ ফলত বহুবাৰ জাননী দিয়া হৈছিল লোকজনক ৷ কিন্তু ট্ৰাকখনৰ কিস্তিৰ ধন পৰিশোধ কৰাত অসমৰ্থ হৈ আলী আহমেদে জালিয়াতিৰে ট্ৰাকৰ পঞ্জীয়ন নম্বৰ সলনি কৰে ৷ প্ৰকৃত পঞ্জীয়ন নম্বৰৰ সলনি AS-09-AC-6432 ব্যৱহাৰ কৰি আহিছিল ব্যক্তিগৰাকীয়ে ৷ যাৰ ফলত বৃহস্পতিবাৰে গাড়ীৰ গেৰেণ্টাৰে স্থানীয় লোকৰ সহযোগত জালিয়াতিৰে নম্বৰ প্লেট সলনি কৰা ট্ৰাক খন লংকাৰ 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰি আৰক্ষীক গতাই দিয়ে ।

ভুৱা পঞ্জীয়ন নম্বৰ ব্যৱহাৰ

ABOUT THE AUTHOR

...view details