অসম

assam

ETV Bharat / state

লংকাত ৰাজহুৱা চাউল বিতৰণত ব্যাপক দুৰ্নীতি - লংকাত ৰাজহুৱা চাউল বিতৰণত ব্যাপক দুৰ্নীতি

চৰকাৰী আৰ্শীবাদপুষ্ট সুলভ মূল্যৰ দোকানীৰ ব্যাপক স্বেচ্ছাচাৰিতা, দুৰ্ভোগ ভুগিছে ৰাইজে ৷

লংকাত ৰাজহুৱা চাউল বিতৰণত ব্যাপক দুৰ্নীতি

By

Published : Oct 14, 2019, 4:56 PM IST

হোজাই, 14 অক্টোবৰ: ব্যাপক অনিয়মৰ মাজেৰে চলিছে হোজাই জিলাৰ লংকাৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা ৷ ৰজাঘৰীয়া আৰ্শীবাদতে এতিয়া একাংশ সুলভ মূল্য দোকানীয়ে লংকা চহৰত চলাইছে ব্যাপক লুন্ঠনৰাজ ৷ চহৰখনত শেহতীয়াকৈ পোহৰলৈ আহিছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজলৈ চৰকাৰে আগবঢ়োৱা চাউল হৰলুকীৰ এক ঘটনা ৷ তথ্য অনুসৰি, বিগত 18 মাহে ৰাইজক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ পৰা বঞ্চিত ৰাখিছে লংকাৰ লস্কৰ পথাৰ ভালুকমাৰী সমবায় সমিতিৰ নজমুল হক নামৰ এজন সুলভ মূল্যৰ দোকানীয়ে, যাৰ ফলত এতিয়া প্ৰহসনত পৰিণত হৈছে সমগ্ৰ চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থা ৷ অভিযুক্ত সুলভ মূল্যৰ দোকানীজনে নিয়মবৰ্হিভূত ভাৱে দ্ৰৰিদ্ৰ হিতাধিকাৰীসকলৰ পৰা ৫ কিলোগ্ৰামকৈ চাউল আত্মসাত কৰি আহিছে ৷ এইদৰে দৰিদ্ৰ ৰাইজৰ পৰা নিজৰ প্ৰাপ্য চাউল আত্মসাত কৰাৰ বাবে সোমবাৰে ৰাইজে সুলভ মূল্যৰ দোকানী নজমুল হকক জবাবদিহি কৰাত ওলোটাই নজমুলে ৰাইজক দাবী-ধমকি দিয়াৰ লগতে শাৰিৰীক প্ৰহাৰৰও হুমকি দিয়ে৷ ইফালে ঘটনাৰ পাছত অভিযুক্ত সুলভ মূল্যৰ দোকানী নজমুল হকৰ বিৰূদ্ধে হালিমা বেগম নামৰ এগৰাকী হিতাধিকাৰীয়ে লংকা থানাত এক এজাহাৰ দাখিল কৰে ৷

লংকাত ৰাজহুৱা চাউল বিতৰণত ব্যাপক দুৰ্নীতি

ABOUT THE AUTHOR

...view details