অসম

assam

ETV Bharat / state

প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ দাখিল প্ৰেমিকাৰ - লংকা ফৰেষ্ট গেইট

লংকা আৰক্ষী থানাৰ অন্তৰ্গত লংকা ফৰেষ্ট গেইটৰ কৃষ্ণ কলিতাই ৭ মাহ পূৰ্বে এগৰাকী যুৱতীক পলুৱাই আনে। যুৱতীগৰাকীক যৌতুক বিচাৰি অত্যাচাৰ আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালে দাখিল কৰে এজাহাৰ

প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ দাখিল প্ৰেমিকাৰ

By

Published : Jul 5, 2019, 2:02 PM IST

হোজাই,৫ জুলাই : হোজাইত প্ৰেমিকাক নিৰ্যাতন প্ৰেমিকৰ। প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ভুক্তভোগী যুৱতীৰ পৰিয়ালে।

প্ৰেমিকৰ বিৰুদ্ধে এজাহাৰ দাখিল প্ৰেমিকাৰ


উল্লেখ্য যে,লংকা আৰক্ষী থানাৰ অন্তৰ্গত লংকা ফৰেষ্ট গেটৰ নিবাসী বিষ্ণু কলিতাৰ পুত্ৰ কৃষ্ণ কলিতাই ৭ মাহ পূৰ্বে বোকাজানৰ পৰা লংকাৰ নিজ গৃহলৈ পলুৱাই আনিছিল এগৰাকী যুৱতীক। ইয়াৰ পাছতেই যুৱতীগৰাকীৰ পৰিয়ালক এই সন্দৰ্ভত অৱগত কৰোৱাত,বিবাহৰ বাবে আলোচনা কৰিছিল যুৱক-যুৱতীহালৰ পৰিয়ালে। কিন্তু যুৱতীগৰাকীৰ পলুৱাই অনা সময়ত ১৮ বছৰ নোহোৱাত বিবাহ কাৰ্য সম্পন্ন কৰিব নোৱাৰিলে পৰিয়ালৰ লোকে। বিবাহৰ পূৰ্বেই প্ৰেমিকৰ ঘৰত থাকিবলৈ লোৱা যুৱতীগৰাকীক কিছু দিন যোৱাৰ পাছতেই কৃষ্ণ কলিতা আৰু তেওঁৰ পৰিয়ালৰ লোকে যৌতুক বিচাৰি শাৰিৰীক তথা মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। আনুষ্ঠানিকভাৱে বিবাহ কাৰ্য সম্পন্ন কৰিবলৈ যুৱকজন অমান্তি হৈ যুৱতীগৰাকীক পঠিয়াই দিয়ে মাতৃগৃহলৈ। এই ঘটনাৰ পাছতেই যুৱতীগৰাকীৰ পৰিয়ালে লংকা আৰক্ষী চকীত কৃষ্ণ কলিতাৰ লগতে কৃষ্ণৰ পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।

ABOUT THE AUTHOR

...view details