হোজাই,16নৱেম্বৰ:লামডিং সমষ্টিত সোমবাৰে এআইইউডিএফে বজালে নিৰ্বাচনৰ ৰণশিঙা । দলটোৱে লামডিঙত অনুষ্ঠিত কৰে এখন নিৰ্বাচনী সভা ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এআইইউডিএফৰ মূৰব্বী বদৰউদ্দিন আজমল আৰু ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম । সভাত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত অসমত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দলসমূহ গঠন কৰাৰ ক্ষেত্ৰত বিজেপিয়ে ধন দি সহায় কৰিছে বুলি মন্তব্য কৰে । আঞ্চলিক দল গঠন কৰি নিৰ্বাচনত সংখ্যালঘুৰ ভোট বিভাজন কৰাৰ ষৰযন্ত্ৰ বিজেপিয়ে কৰিছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।
ইয়াৰ লগতে, সাংবাদিকৰ লগত হোৱা আছুতীয়া সাক্ষাৎকাৰত বদৰউদ্দিন আজমলে কয় যে, এআইডিএফে এইবাৰ কংগ্ৰেছ,চিপিএম,চিপিআইকে ধৰি বহু কেইটা দল সংগঠনৰ লগত লগ হৈ মহাযোট বন্ধনেৰে আগন্তুক নিৰ্বাচন খেলিব ৷ সেয়ে সকলো দলে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা সময়ত এৰা -ধৰাৰ মাজেৰেই চলিব লাগিব । বহু চিন্তা-চৰ্চাৰে প্ৰাৰ্থী নিক্ষেপ কৰিব লাগিব বাবে এইবাৰ এআইইউডিএফ দলৰ পাৰ্থী প্ৰক্ষেপ কৰা তালিকা প্ৰকাশ কৰাত পলম হ'ব বুলি মন্তব্য কৰে আজমলে ।