হোজাই,13 ছেপ্তেম্বৰঃ দেওবাৰে লামডিং সমষ্টিৰ কাকী ডেৰাপথাৰত হোজাই জিলা কোচ ছাত্ৰ সন্থা আৰু কোচ সন্মিলনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । স্বায়ত্বশাসিত পৰিষদ গঠনৰ নামত কোচ জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ ঐতিহাসিক কমতাপুৰ ৰাজ্যক পুনৰ গঠন আৰু জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই । উল্লেখযোগ্য যে, তিনি শতাধিক কোচ সম্প্ৰদায়ৰ পুৰুষ মহিলাই এইদৰে অংশগ্ৰহণ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷
হোজাইত কোচ ছাত্ৰ সন্থা আৰু কোচ সন্মিলনৰ উত্তাল প্ৰতিবাদ - এচ টি মৰ্য্যদা
স্বায়ত্বশাসিত পৰিষদ গঠনৰ নামত কোচ জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ বাবেই প্ৰতিবাদত নামিল শতাধিক পুৰুষ মহিলা ৷
হোজাইত কোচ ছাত্ৰ সন্থা আৰু কোচ সন্মিলনৰ উত্তাল প্ৰতিবাদ
ইপিনে কোচ জাতি আৰু ৰাজবংশী জাতি একে নহয় বুলি স্পষ্ট কৰি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে । ৰাজ্যত বসবাস কৰা কোচসকলক চুবুৰীয়া মেঘালয়ত এচটি মৰ্য্যদা প্ৰদানৰ বিপৰীতে অসমত কোচ সকলক অবিচি মৰ্য্যদা দিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কোচ সম্প্ৰদায়ৰ লোকসকল ৷
লগতে পঢ়কঃকৰিমগঞ্জত পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ