হোজাই, 28 জুলাইঃ হোজাই জিলা কাকিত মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে লামডিং সমষ্টিৰ অন্তৰ্গত ঢিলা বজাৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷
অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইত প্ৰতিবাদ হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি চয়দুৰ ৰহমান আৰু ৰাজেন বৰাই,অতি শীঘ্ৰে যদি কৃষক নেতাগৰাকীক বিনাচৰ্তে মুক্তি নিদিয়ে তেতিয়া অনাগত দিনত সংগঠনকেইটাই সমগ্ৰ ৰাজ্যতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷
উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ অন্যতম নেতা অখিল গগৈক প্ৰায় ছমাহৰ পূৰ্বে বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাচতে মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগ তুলি ‘নিয়া’ই গ্ৰেপ্তাৰ কৰিছিল ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা সময়ত কৃষক নেতাগৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ অসমতে তীব্ৰ প্ৰতিবাদ গঢ়ি উঠে ৷
লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীত ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰতিবাদ