অসম

assam

ETV Bharat / state

হোজাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ - অত্যাৱশ্যকীয় সামগ্ৰী

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত হোজাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ পদত্যাগৰ দাবীৰে উত্তাল হোজাইৰ শংকৰদেৱ নগৰ।

হোজাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
হোজাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

By

Published : Nov 3, 2020, 3:21 PM IST

হোজাই, ৩ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাইৰ শংকৰদেৱ নগৰতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ হোজাই জিলা সমিতিয়ে।

হোজাইত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

কৰ'ণা মহামাৰীৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্বাস্থ্যবিধি মানি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে। 'বি জে পি হায় হায়, বি জে পি গ'বেক' আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰো পদত্যাগৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। মূল্যবৃদ্ধি ৰোধৰ দাবীত হোজাই জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

লগতে পঢ়ক:নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিং

ABOUT THE AUTHOR

...view details