অসম

assam

ETV Bharat / state

অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে হোজাইত সাংবাদিকৰ প্ৰতিবাদ - hojai

মহাৰাষ্ট্ৰ আৰক্ষীয়ে অসম সন্তান তথা ৰিপ্লাবিক টিভিৰ মূখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতাৰে হোজাই সাংবাদিক সন্থাৰ উদ্যোগত শুকুৰবাৰে হোজাই চহৰৰ মাজমজিয়াত ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ ।

hojai journalist union protest
অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে হোজাইত সাংবাদিকৰ প্ৰতিবাদ

By

Published : Nov 6, 2020, 5:18 PM IST

হোজাই, 6 নৱেম্বৰ : মহাৰাষ্ট্ৰ আৰক্ষীয়ে অসম সন্তান তথা ৰিপ্লাবিক টিভিৰ মূখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰোধিতাৰে হোজাই সাংবাদিক সন্থাৰ উদ্যোগত শুকুৰবাৰে হোজাই চহৰৰ মাজমজিয়াত ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচীৰ। হোজাই জিলা সাংবাদিক সন্থাই হোজাই চহৰৰ মাজমজিয়াত থকা নেতাজীৰ প্ৰতিমূৰ্তিৰ কাষত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত হোজাই জিলাৰ সাংবাদিক সকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সাংবাদিক সকলে অৰ্ণৱ গোস্বামীক বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনায় ৷
লগতে পঢ়ক:ৰঙালী বিহুৰ পূৰ্বে অনুষ্ঠিত হ’ব অসম বিধান সভাৰ নিৰ্বাচন

ABOUT THE AUTHOR

...view details