হোজাই,২২ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে হোজাইৰ কাকী প্ৰাথমিক চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি । যি সময়ত অসমৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত্ৰ বিশ্ব শৰ্মাই ৰাজহুৱা সভাই-সমিতিয়ে পৰিবৰ্তনৰ ঢাক-ঢোল বজাই থকা পৰিলক্ষিত হৈছে তেনে সময়তেই তেওঁৰ স্বাস্থ্য বিভাগেই উদঙাইছে পৰিবৰ্তনৰ ফোপোলা স্বৰূপ । বিগত দুই-ডেৰ মাহ ধৰি নিশা ডক্তৰৰ অভাৱত জমৰ-যাতনা ভুগিব লগা হৈছে কাকী অঞ্চলৰ সাধাৰণ জনতাই । তাৰ ফলস্বৰূপেই বৃহস্পতিবাৰে কাকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশা সংঘটিত হ'ল এক অপ্ৰীতিকৰ ঘটনা ।
হোজাইৰ চিকিৎসালয়ত নিশা উত্তপ্ত পৰিস্থিতি - স্বাস্থ্য মন্ত্ৰী
চিকিৎসক নথকাক কেন্দ্ৰ কৰি উত্তেজনা চিকিৎসালয়ত
হোজাইত নিশা উত্তপ্ত পৰিস্থিতি
উল্লেখ্য় যে বৃহস্পতিবাৰে উম প্ৰকাশ বৰা নামৰ কাকীৰ এজন লোক নিশা দূৰ্ঘটনাত পতিত হয় । পাচত স্থানীয় ৰাইজে বৰাক কাকী প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও ডাক্তৰ তথা পৰ্যাপ্ত পৰিমানৰ সা-সুবিধা নোপোৱাত স্থানীয় ৰাইজ তথা অবিভাৱকসকলে ক্ষোভত পৰিস্থিতি উত্তপ্ত কৰি তোলে । ইপিনে নিশা কৰ্মৰত নাৰ্চেওবিগত ডেৰ-দুই মাহ ধৰি নিশা ডাক্তৰ নথকা বুলি স্বীকাৰ কৰে । এই ঘটনাৰ পাচতে স্থানীয় ৰাইজে কাকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নথকা সন্দৰ্ভত এক তদন্তৰ দাবী জনাইছে ।