অসম

assam

ETV Bharat / state

বানৰ কৱলত হোজাইৰ 15 খন গাঁও - hojai has been affected by offseasonal flood

কপিলী আৰু ইয়াৰ উপনৈ ক্ৰমে যমুনা আৰু ডিমৰু নৈৰ বাঢ়নী পানীয়ে ডবকা আৰু হোজাই ৰাজহ চক্ৰৰ ১৫ খনকৈ গাঁৱত তাণ্ডৱ চলেৱাৰ পাছত লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ প্ৰশাসনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷

হোজাইত আবতৰীয়া বানৰ তাণ্ডৱ

By

Published : Oct 28, 2019, 7:14 PM IST

হোজাই , 28 অক্টোবৰঃহোজাইৰ ডবকাত বানৰ কবলত 15 খনৰো অধিক গাঁৱৰ লগতে বহু হেক্টৰ কৃষিভূমি ৷ দেওবাৰে নিশা কপিলী আৰু ইয়াৰ উপনৈ ক্ৰমে, যমুনা আৰু ডিমৰু নৈৰ বাঢ়নী পানীয়ে ডবকা আৰু হোজাই ৰাজহ চক্ৰৰ ১৫ খনকৈ গাঁৱত তাণ্ডৱ চলোৱাৰ পাছত লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰ্লক, জংগলব্লক, বিন্নাকান্দি বালিৰাম গাওঁ, নগঞাপাম, বগুৰী,আদি গাঁওসমুহ বানৰ কবলত পৰিছে ৷ আনহাতে হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত ভেদৌআটি , যোগীজান , দাসগাঁও , নামডবকা , শলমাৰী আদি গাওঁ ডুব গৈছে বানত ৷ হোজাই আৰু ডবকাৰ কেইবা হাজাৰ হেক্টৰ কৃষিভূমি ইতিমধ্যে আবতৰীয়া বানত ডুব যোৱাত কৃষকসকলৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে ৷ বানত ডুব যোৱা গাঁৱৰ লোকসকলে ৰাজপথত আশ্ৰয় লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও প্ৰশাসনৰ বিৰুদ্ধে উত্থাপন হৈছে দায়িত্বহীনতাৰ অভিযোগ ৷

হোজাইত আবতৰীয়া বানৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details