অসম

assam

হোজাইত ৰাইজৰ ৰোষত পৰিল দুই ভণ্ড বাবা

By

Published : Feb 7, 2020, 12:52 PM IST

বাবাৰ ৰূপত বিগত কিছুদিন ধৰি হোজাই জিলাৰ যমুনামুখত আৱিৰ্ভাৱ হোৱা দুয়োজন বাবা প্ৰকৃততে প্ৰৱঞ্চকহে। বহিঃৰাজ্যৰ পৰা অহা বাবা ৰূপী এই লোক দুজনে হোজাই জিলাৰ বিভিন্ন অঞ্চলত পাতিছিল প্ৰৱঞ্চনাৰ জাল। বিগত কিছুদিন ধৰি হোজাইৰ বিভিন্নজনৰ ঘৰত উপস্থিত হৈ যুৱক যুৱতীক জৰা-ফুঁকাৰ নামত সংগ্ৰহ কৰি আহিছিল ধন। জৰা-ফুঁকাৰ নামত এজন ব্যক্তিৰ পৰা সংগ্ৰহ কৰিছে দহ হাজাৰ পৰ্যন্ত টকা।

কাণত ধৰি আঁঠু কাঢ়িলে দুই বাবাই
কাণত ধৰি আঁঠু কাঢ়িলে দুই বাবাই

হোজাই, 7 ফেব্ৰুৱাৰীঃযমুনামুখত লটিঘটি দুই বাবাৰ। কাণত ধৰি আঁঠু কাঢ়িবলগীয়া হ'ল ৰাজপথত। শুকুৰবাৰে হোজাইৰ যমুনামুখত ৰাইজৰ ৰোষত পৰিল দুই ভণ্ডবাবা ৷ৰাজপথত সন্মুখীন হ'ল ৰাজহুৱা শাস্তিৰ।

ৰাইজৰ ৰোষত পৰা দুই ভণ্ড বাবা

বাবাৰ ৰূপত বিগত কিছুদিন ধৰি হোজাই জিলাৰ যমুনামুখত আৱিৰ্ভাৱ হোৱা দুয়োজন বাবা প্ৰকৃততে প্ৰৱঞ্চকহে। বহিঃৰাজ্যৰ পৰা অহা বাবা ৰূপী এই লোক দুজনে হোজাই জিলাৰ বিভিন্ন অঞ্চলত পাতিছিল প্ৰৱঞ্চনাৰ জাল। বিগত কিছুদিন ধৰি হোজাইৰ বিভিন্নজনৰ ঘৰত উপস্থিত হৈ যুৱক যুৱতীক জৰা-ফুঁকাৰ নামত সংগ্ৰহ কৰি আহিছিল ধন। জৰা-ফুঁকাৰ নামত এজন ব্যক্তিৰ পৰা সংগ্ৰহ কৰিছে দহ হাজাৰ পৰ্যন্ত টকা।

যমুনামুখত আৱিৰ্ভাৱ হোৱা দুয়োজন বাবা প্ৰকৃততে প্ৰৱঞ্চকহে
কেৱল এয়াই নহয় বহি ৰাজ্যৰ দুই প্ৰৱঞ্চকে ভণ্ড বাবাৰ ৰূপ লৈ হোজাই জিলাৰ কেবাটাও মন্দিৰত চুৰি কাৰ্য সংঘটিত কৰি অহাৰো অভিযোগ উত্থাপন হৈছে। অৱশেষত যমুনামুখৰ কেইজনমান সচেতন যুৱকৰ হাতত হাতে-লোটে ধৰা পৰিল এই দুই ভণ্ড বাবা । তাৰ পিছৰ দৃশ্য এয়া। কাণত ধৰি আঁঠু কাঢ়িবলগীয়া হল ৰাজপথত। কাণত ধৰিয়েই ভৱিষ্যতে এনে প্ৰৱঞ্চনা নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে দুই ভণ্ডবাবাই ।লগতে চাওকঃ অসম ৰাজ্যিক পৰিবহন নিগমত ৭০০ খন নতুন বাছৰ অন্তৰ্ভুক্তি

ABOUT THE AUTHOR

...view details