হোজাই,31 অক্টোবৰঃহোজাই জিলাৰ কাকীত বন বিভাগৰ অভিযান ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত চলোৱা এই অভিযানত জব্দ হয় লক্ষাধিক টকা মূল্যৰ চেগুণ কাঠ ৷ গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানৰ সময়ত হোজাইৰ ২নং কাকী টিলাবজাৰ অঞ্চলৰ পৰা ৮০ চেফ্টি চেগুণ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটো ৷ অৱশ্যে বন বিভাগৰ এই অভিযানত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল অভিযানকাৰী দলটো ৷
হোজাইত কেবালক্ষাধিক টকাৰ চেগুণ কাঠ জব্দ - ২নং কাকী টিলাবজাৰ
গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই অভিযানৰ সময়ত হোজাইৰ ২নং কাকী টিলাবজাৰ অঞ্চলৰ পৰা ৮০ চেফ্টি চেগুণ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলটো ৷ বৃস্পতিবাৰে পুৱা জব্দ হোৱা কাঠ সমূহৰ মূল্য কেবা লক্ষাধিক টকা হ'ব বুলি প্ৰকাশ কৰিছে বন বিভাগৰ সূত্ৰই ৷

হোজাইত কেবালক্ষাধিক টকাৰ চেগুণ কাঠ জব্দ
উল্লেখ্য যে, হোজাইৰ বিভিন্ন অঞ্চলত চোৰাং কাঠৰ অবৈধ বেহা চলি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া ৷ বন বিভাগে মাজে সময়ে অভিযান চলাই আহিছে যদিও প্ৰায়ে বন বিভাগৰ চকুত ধূলি দি চোৰাং ব্যৱসায়ীয়ে মূল্যৱান কাঠ সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন হৈছিল ৷ বৃস্পতিবাৰে পুৱা জব্দ হোৱা কাঠ সমূহৰ মূল্য কেবা লক্ষাধিক টকা হ'ব বুলি প্ৰকাশ কৰিছে বন বিভাগৰ সূত্ৰই ৷ পিচত জব্দকৃত কাঠৰ কুণ্ডাসমূহ কাকী আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় ৷
হোজাইত কেবালক্ষাধিক টকাৰ চেগুণ কাঠ জব্দ
লগতে পঢ়কঃ উৎকোচ নিদিলে প্ৰাপ্য সুবিধাৰ পৰাও বঞ্চিত হয় প্ৰতিবন্ধী !!