হোজাই, 6 ডিচেম্বৰ: অৱশেষত ক্ষমা খুজিলে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি বন বিভাগক লজ্জানত কৰা কাকী আঞ্চলিক বন বিষয়া মনোজ শৰ্মাই ৷ কিছুদিন পূৰ্বে এটা ৱেব পৰ্টেলত তেওঁৰ বিৰুদ্ধে কাৰ্যালয়ত মদ্যপান কৰি থকা এক বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে তেওঁ ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি দিছিল সেই বাতৰিটো পৰিৱেশন কৰা সাংবাদিক গৌতম মেছক ৷ আনকি মেছৰ পত্নীকো বন বিষয়া গৰাকীয়ে দিছিল অশ্লীল প্ৰস্তাৱ ৷ এই ঘটনাৰ পাছতে বৃহত্তৰ কাকী অঞ্চলৰ সচেনত মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ অভিযুক্ত বনবিষয়া গৰাকীয়ে সাংবাদিক গৌতম মেছৰ বিৰুদ্ধে কাকী থানাত এক গোচৰো ৰুজু কৰিছিল ৷
সাংবাদিকক অভব্য আচৰণ কৰি ক্ষমা বিচাৰিলে বনবিষয়াই - ক্ষমা বিচাৰিলে অভিযুক্ত বনবিষয়াই
কাকী আঞ্চলিক বন বিষয়াই কাৰ্যালয়ত সুৰা সেৱন কৰি থকাৰ বাতৰি পৰিৱেশন কৰাৰ বাবেই বনবিষয়া মনোজ শৰ্মাই প্ৰাণে মৰাৰ ভাবুকি দিছিল গৌতম মেছ নামৰ এগৰাকী ৱেব পৰ্টেলৰ সাংবাদিকক ৷ সাংবাদিক গৰাকীৰ পত্নীকো দিছিল অশালীন প্ৰস্তাৱ লগতে সাংবাদিক গৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ ৷ অৱশেষত নিজৰ দোষ স্বীকাৰ কৰি গোচৰ প্ৰত্যাহাৰ কৰাৰ লগতে সাংবাদিক গৰাকীক ক্ষমা বিচাৰিলে বনবিষয়া মনোজ শৰ্মাই ৷
কাকীত বন বিষয়াৰ সাংবাদিক অভব্য আচৰণ: ক্ষমা বিচাৰিলে অভিযুক্ত বনবিষয়াই
কিন্তু, শুক্ৰবাৰে অৱশেষত গোচৰ সন্দৰ্ভত কাকী আৰক্ষীয়ে বনবিষয়া মনোজ শৰ্মাক থানালৈ মাতি অনাত সাংবাদিক গৰাকীৰ ওচৰত নিজ ভুল স্বীকাৰ কৰি ক্ষমা বিচাৰিলে বন বিষয়াগৰাকীয়ে লগতে উঠাই ল'লে সাংবাদিক গৌতম মেছৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ ৷ ইয়াৰ পাচতেই বৰ্তমান অৱসান ঘটাৰ দিশে অগ্ৰসৰ হৈছে সমগ্ৰ ঘটনা ৷
আৰু পঢ়ক: "কেব" বিৰোধী আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ ডি জি পিক নিৰ্দেশ
Last Updated : Dec 7, 2019, 5:34 AM IST