অসম

assam

By

Published : Jun 23, 2020, 10:24 AM IST

ETV Bharat / state

হোজাইত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে কেইবাটাও বাসগৃহ ৷

Hojai Fire
হোজাইত ভয়ংকৰ অগ্নিকাণ্ড

হোজাই, 23 জুন : হোজাইৰ ভি আই পি কলনীত সোমবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ হোজাইৰ বিখ্যাত আয়ুৰ্বেদিক বিপণী শ্ৰী গুৰু ভাণ্ডাৰৰ স্বত্বাধিকাৰী হৰিলাল কৰৰ বাসভৱনৰ ভূমি মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ বৈদ্যুতিক বিসংগতিৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷

হোজাইত ভয়ংকৰ অগ্নিকাণ্ড

ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে কেইবাটাও বাসগৃহ ৷ অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পতি জুইত জাহ যায় ৷

হোজাইত ভয়ংকৰ অগ্নিকাণ্ড

লগতে পঢ়ক: জম্মু কাশ্মীৰত নিহত দুই সন্ত্ৰাসবাদী: শ্বহীদ জোৱান

ABOUT THE AUTHOR

...view details