অসম

assam

ETV Bharat / state

বেংগলী সম্প্ৰদায়ৰ ওপৰত তীৰ্যক মন্তব্য : প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু - হোজাই বাতৰি

বেংগলী সম্প্ৰদায়ৰ ওপৰত বিতৰ্কিত মন্তব্য কৰি বিপদত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা ৷ হোজাই থানাত নীলমণিক বিৰুদ্ধে ৰুজু গোচৰ ৷

বেংগলী সম্প্ৰদায়ৰ ওপৰত তীৰ্যক মন্তব্য : প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু

By

Published : Nov 19, 2019, 5:21 PM IST

হোজাই, 19 নৱেম্বৰ: মাত্ৰ কেইদিন মান পূৰ্বে বেংগলী সম্প্ৰদায়ক লৈ নীলমণি সেন ডেকাই কৰা এটা বিকৰ্কিত মন্তব্যৰ বাবে এতিয়া বিপদত পৰিছে প্ৰাক্তন মন্ত্ৰী গৰাকী ৷ জেষ্ঠ কংগ্ৰেছী নেতাজনৰ এই বিতৰ্কিত মন্তব্যৰ পাছত জাঙুৰ খাই উঠিছিল ৰাজ্যৰ খিলঞ্জীয়া বেংগলী সমাজ আৰু তাৰেই পৰিণতি স্বৰূপে বৃহস্পতিবাৰে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে হোজাই থানাত ৰুজু কৰা হল গোচৰ ৷ নীলমণি সেন ডেকাৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিলে অসম চৰকাৰৰে প্ৰাক্তন মন্ত্ৰী সাধন চৰকাৰৰ পুত্ৰ সঞ্জীত চৰকাৰে ৷ এই গোচৰ ৰুজু কৰি সঞ্জীত চৰকাৰে বেংগলী সম্প্ৰদায়ৰ বিৰুদ্ধে দিয়া তীৰ্যক মন্তব্যৰ বাবে প্ৰাক্তন মন্ত্ৰী গৰাকীক ক্ষুৰধাৰ সমালোচনা কৰি সাংবাদিকৰ আগত কয় যে বৃহত্তৰ অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত অসমৰ বেংগলী সম্প্ৰদায়ে বিশেষ ভূমিকা পালন কৰি আহিছে তেনেস্থলত এনে অপমান জনক মন্তব্যৰ বাবে নীলমণি সেন ডেকাই ক্ষমা খোজা উচিত ৷

বেংগলী সম্প্ৰদায়ৰ ওপৰত বিতৰ্কিত মন্তব্য কৰি বিপদত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা

উল্লেখযোগ্য যে, যোৱা দেওবাৰে আবেলি অসম সচিবালয়ৰ সন্মুখত সাংবাদিকৰ আগত বেংগলী সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য প্ৰদান কৰিছিল প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

আৰু পঢ়ক:ষ্ট্ৰীট লাইট বন্ধ কৰি জে এন ইউৰ ছাত্ৰৰ ওপৰত আৰক্ষীৰ লাঠিচালনা

For All Latest Updates

ABOUT THE AUTHOR

...view details