হোজাই, 31 মাৰ্চ: কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে হোজাই জিলা প্ৰশাসন । হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া । এই তিনিটা বিধানসভা সমষ্টি ক্ৰমে লামডিং, হোজাই আৰু যমুনামুখ ।
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হোজাই জিলা প্ৰশাসন - তিনিটা বিধানসভা সমষ্টি ক্ৰমে লামডিং,হোজাই আৰু যমুনামূখ
হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া । এই তিনিটা বিধানসভা সমষ্টি ক্ৰমে লামডিং, হোজাই আৰু যমুনামূখ।
![দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হোজাই জিলা প্ৰশাসন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হোজাই জিলা প্ৰশাসন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11229079-698-11229079-1617204558421.jpg)
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হোজাই জিলা প্ৰশাসন
ইতিমধ্যে ৯৯২ টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিবলৈ ইভিএম মেচিনকে ধৰি নথি-পত্ৰ সমূহ লৈ নিজ নিজ গন্তব্য স্থানলৈ আনন্দ মনেৰে গতি কৰিছে প’লিং আৰু প্ৰিজাইডিঙৰ দায়িত্বত থকা চৰকাৰী কৰ্মচাৰী সকলৰ লগতে আৰক্ষীৰ লোক সকল ৷ জিলাখনৰ ৬ লাখ ৯০ হাজাৰ ৩০৭ গৰাকী ভোটাৰে প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰাৰ লগতে ১২৫ টা ভোট গ্ৰহণ কেন্দ্ৰক স্পৰ্শকাতৰ কেন্দ্ৰ বুলি চিহ্নিত কৰিছে ৷