অসম

assam

ETV Bharat / state

COVID19 আক্ৰান্ত ৰোগীৰ বাবে হোজাইত কোৱাৰেনন্টাইনৰ ব্যৱস্থা - COVID19 আক্ৰান্ত ৰোগী

হোজাই জিলাৰ লংকাত COVID19 আক্ৰান্ত ৰোগীৰ বাবে ৪৯ খন বিচনাযুক্ত হোম কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ৷

hojai district administration prepared quarantine room with 49 beds
hojai district administration prepared quarantine room with 49 beds

By

Published : Apr 7, 2020, 5:34 PM IST

হোজাই, 7 এপ্ৰিল : হোজাই জিলাৰ লংকাত COVID19 আক্ৰান্ত ৰোগীৰ বাবে ৪৯ খন বিচনাযুক্ত হোম কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হৈছে । দেশৰ লগতে অসম চৰকাৰেও কৰ'ণা আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ বাবে ন ন পদক্ষেপ তথা আঁচনি লোৱা পৰিলক্ষিত হৈছে । তাৰ সমান্তৰাল ভাৱে হোজাই জিলা প্ৰশাসন আৰু লংকা পৌৰ সভাৰ প্ৰচেষ্টাত লংকা চহৰৰ মাজ-মজিয়াত থকা বিজনেছ কমপ্লেক্সৰ দ্বিতীয় মহলাত COVID19 আক্ৰান্ত ৰোগীৰ বাবে ৪৯ খন বিচনাযুক্ত হোম কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হৈছে । তাৰে ৩০ খন বিছনা বৰ্তমান ৰোগী সেৱাৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে ।

হোজাইত কোৱাৰেনন্টাইনৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details