হোজাই, 31 মাৰ্চ : কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব অসম বিধান সভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোটগ্ৰহণ ৷ হোজাই জিলাৰ তিনিটা সমষ্টি ক্ৰমে, লামডিং, হোজাই আৰু যমুনামুখত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেস্তনী গঢ়ি তুলিছে হোজাই জিলা প্ৰশাসনে ৷
দ্বিতীয় পৰ্যায় ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হোজাই জিলা প্ৰশাসন - Hojai election
কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব অসম বিধান সভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় ভোটগ্ৰহণ ৷ হোজাই জিলাৰ তিনিটা সমষ্টি ক্ৰমে, লামডিং, হোজাই আৰু যমুনামুখত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেস্তনী গঢ়ি তুলিছে হোজাই জিলা প্ৰশাসনে ৷

দ্বিতীয় পৰ্যায় ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হোজাই জিলা প্ৰশাসন
দ্বিতীয় পৰ্যায় ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হোজাই জিলা প্ৰশাসন
অধিক স্পৰ্শকাতৰ হোজাই জিলাত মুঠ ১২৫ টা ভোট কেন্দ্ৰ, যমুনামুখৰ ২৭ টা, হোজাই সমষ্টিৰ ৬৫ টা আৰু লামডিং সমষ্টিৰ ৩৩ টা সমষ্টিত কটকটীয়া কৰা হৈছে নিৰাপত্তা । হোজাই জিলাখনত মুঠ ভোট কেন্দ্ৰ আছে ৯৯২ টা । যমুনামুখ সমষ্টিত আছে ৩১৮ টা ভোট কেন্দ্ৰ, হোজাই সমষ্টিত আছে ৩৭৩ টা আৰু লামডিং সমষ্টিত আছে ৩০১ টা ভোট কেন্দ্ৰ। নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৩০ টা কোম্পানী নিয়োজিত কৰা কৰিছে প্ৰশাসনে ৷