হোজাই,28 মাৰ্চঃ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লক ডাউনৰ প্ৰতি সহাঁৰি জনাইছে ৰাজ্যবাসীয়ে ৷ লক ডাউনৰ মাজতেই একাংশ কাণ্ডজ্ঞানহীন লোকৰ অবিবেচক কাৰ্যৰ বাবে ঠায়ে ঠায়ে লাঠী চাৰ্জ কৰিবলৈ বাধ্য হৈছে আৰক্ষী প্ৰশাসন ৷ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰ’ণা ভাইৰাছৰ ভয়াবহতা অনুভৱ নকৰা একাংশ লোকৰ বাবেই যাতে ৰাজ্যবাসীয়ে ভৱিষ্যতে কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ’ব লগা নহয়,তাৰ বাবেই কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে জিলা তথা আৰক্ষী প্ৰশাসন ৷
লক ডাউনক লৈ কঠোৰ হৈছে লংকা আৰক্ষী - লংকা আৰক্ষী প্ৰশাসন
লকডাউন ভংগ নকৰিবলৈ ৰাইজলৈ আহ্বান হোজাই জিলা প্ৰশাসনৰ ৷ চৰকাৰী নিৰ্দেশনাক লৈ কঠোৰ হৈছে লংকা আৰক্ষী প্ৰশাসন ৷ পুৱাৰ ভাগত জব্দ কৰা হৈছে নিৰ্দেশনা অমান্য কৰা 20 খনৰো অধিক গাড়ী,বাইক ৷
![লক ডাউনক লৈ কঠোৰ হৈছে লংকা আৰক্ষী hojai district administration appeals mass to follow the government orders](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6545652-thumbnail-3x2-hojai.jpg)
লক ডাউনক লৈ কঠোৰ হৈছে লংকা আৰক্ষী
সমগ্ৰ দেশজুৰি বলবৎ হৈ থকা 21 দিনীয়া এই লক ডাউনৰ এই নিৰ্দেশনা যাতে কোনোৱে ভংগ নকৰে,জনসাধাৰণলৈ এই আহ্বান জনাইছে হোজাই জিলা প্ৰশাসনে ৷ অঞ্চলটোত চোকা দৃষ্টি ৰখাৰ লগতে যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ আছে লংকা আৰক্ষী ৷ উল্লেখযোগ্য যে,বৃহস্পতিবাৰে পুৱা লক ডাউনৰ নিৰ্দেশনা অমান্য কৰি ৰাজপথলৈ ওলাই অহা 20 খনৰো অধিক মটৰচাইকেল আৰু গাড়ী জব্দ কৰিছে লংকা আৰক্ষীয়ে ৷
লগতে পঢ়কঃপ্ৰসিদ্ধ অভিনেতা সুৰেণ মহন্ত আৰু নাই!